অসম

assam

ETV Bharat / state

মৰাণ সমষ্টিৰ লেজাইত বিধস্ত পথত ভূঁই ৰুই ৰাইজৰ প্ৰতিবাদ - মৰাণ সমষ্টি

বিধস্ত পথ মেৰামতিৰ দাবীৰে সোমবাৰে মৰাণ সমষ্টিৰ লেজাইত পথৰ মাজতে ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় লোকে ৷

ৰাইজৰ প্ৰতিবাদ
ৰাইজৰ প্ৰতিবাদ

By

Published : Aug 17, 2020, 12:17 PM IST

মৰাণ, 17 আগষ্ট: সোমবাৰে বিধস্ত পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে মৰাণ সমষ্টিৰ অন্তৰ্গত লেজাইৰ বাসিন্দাসকলে ৷ শোচনীয় পথৰ বাবে লেজাইবাসীয়ে দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগি আহিবলগীয়া হৈছে বুলি উল্লেখ কৰে সংবাদ মাধ্যমযোগে ৷ পথটোৰ অৱস্থা ইমানেই শোচনীয় যে, গাড়ীতো বাদেই এখন চাইকেলো ভালদৰে চলিব নোৱাৰে সেই পথত ৷ শাসনত অহাৰ পূৰ্বে ৰাইজক বহু আশা প্ৰদান কৰিছিল শাসনাধীন চৰকাৰ খনে ৷ কিন্তু সেই প্ৰতিশ্ৰুতিৰ মতে চৰকাৰে কোনো কাম নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ গুৰুতৰভাৱে অসুস্থ লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ সময়তো যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰে ৰাইজে ৷ ৰাইজে উল্লেখ কৰা অনুসৰি, সেই বাটেই অহা-যোৱা কৰে মৰাণ সমষ্টিৰ স্থানীয় বিধায়ক গৰাকীও ৷ কিন্তু বহুবাৰ আবেদন কৰিও ৰাইজে নাপালে কোনো উচিত ব্যৱস্থা ৷

বিধস্ত পথত ভূঁই ৰুই ৰাইজৰ প্ৰতিবাদ

বিজেপি চৰকাৰৰ শাসনভাৰৰ কাৰ্যকাল পূৰ্ণ হোৱাৰ সময়তো তেওঁলোকে লেজাই অঞ্চলৰ বিধ্বস্ত পথটোৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে ৰাইজে ৷ অঞ্চলটোলৈ প্ৰতিনিধি সকল কেৱল ভোট খুজিবলৈহে আহে বুলি উল্লেখ কৰি, কেৱল ভোট খুজিলেই নহ'ব উন্নয়নো হ'ব লাগিব বুলি সংবাদ মাধ্যমযোগে দাবী জনায় স্থানীয় লোকে ৷ অন্যথা আগন্তুক দিনত লেজাইবাসী ৰাইজ ক্ষান্ত হৈ বহি নাথাকে বুলি চৰকাৰক সকিয়নী প্ৰদান কৰে তেওঁলোকে ৷

মৰাণ সমষ্টিৰ লেজাইত বিধস্ত পথত ভূঁই ৰুই ৰাইজৰ প্ৰতিবাদ

লগতে পঢ়ক:কলগাছিয়াৰ খাৰবাল্লীত বেকী নদীৰ কালৰূপ

ABOUT THE AUTHOR

...view details