অসম

assam

ETV Bharat / state

কেবৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ গণ আন্দোলন - DIBRUGARH UNIVERSITY AASU PROTEST

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ গণ আন্দোলন ৷ প্ৰতিবাদত অংশগ্ৰহণ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড. ৰঞ্জিত তামুলীৰ ৷

DIBRUGARH UNIVERSITY PROTEST
কেবৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ গণ আন্দোলন

By

Published : Dec 13, 2019, 8:59 PM IST

ডিব্ৰুগড় , 13 ডিচেম্বৰ :ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচ'ৰাত আছুৰ নেতৃত্বত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ গণ আন্দোলন ৷ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড. ৰঞ্জিত তামুলীয়েও ছাত্ৰ-ছাত্ৰীৰ সৈতে বহি অংশগ্ৰহণ কৰিলে প্ৰতিবাদত ৷ উপাচাৰ্যগৰাকীয়ে গণতান্ত্ৰিক আন্দোলনলৈ সহযোগিতা আগবঢ়ায় ৷ প্ৰতিবাদস্থলীৰ পৰা শিক্ষাৰ্থীৰ হুংকাৰ তেজ দিম কেব হ'ব নিদিওঁ ৷ ইফালে বিশ্ববিদ্যালয়ৰ আছু গোটৰ হুংকাৰ, বিশ্ববিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰৰ পৰা আঁতৰাই নিয়ক দীনদয়াল উপাধ্যায়ৰ পুথি ।

কেবৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ গণ আন্দোলন

অহিংসা নীতিৰে এফালে গণ আন্দোলন আনফালে কেব বিৰোধীয়ে কিছু ক্ষণৰ আগত ৰাজাভেটা আৰক্ষী চকীৰ ওচৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ কোমাৰনিচিগা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কেব বিৰোধীয়ে এখন স্ক'ৰপিঅ' ভাঙি চুৰ-মাৰ কৰে যদিও কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই ৷ পৰিস্থিতি অধিক ভয়াৱহ হোৱা বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় ৷

কেবৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ গণ আন্দোলন

আৰু পঢ়ক :কেব আমি নামানো: মাজুলীৰ ৰাজপথত পীতাম্বৰ দেৱ গোস্বামীৰ হুংকাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details