অসম

assam

By

Published : Jul 15, 2020, 9:09 PM IST

ETV Bharat / state

ডিব্ৰুগড়ত অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ শৃংখল

অখিল গগৈৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ বাবে গ্ৰেপ্তাৰ হোৱা সকলো লোককে বিনাচৰ্তত শীঘ্ৰেই মুক্তিৰ দাবী প্ৰতিবাদকাৰীৰ ৷

ডিব্ৰুগড়ত অখিলৰ মুক্তিৰ দাবীত মানৱ শৃংখল
ডিব্ৰুগড়ত অখিলৰ মুক্তিৰ দাবীত মানৱ শৃংখল

ডিব্ৰুগড়, 15 জুলাইঃ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা অখিল গগৈৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি কাৰাবন্দী হৈ থকা নেতাসকলৰ মুক্তিৰ দাবীত বুধবাৰে ডিব্ৰুগড় চৌকিডিঙিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷

অখিলৰ মুক্তিৰ দাবীত মানৱ শৃংখল

ডিব্ৰুগড়ৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত ডিব্ৰুগড় জিলাৰ বিভিন্ন দল-সংগঠনৰ নেতৃত্বৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৃণমূল কৰ্মীসকলে অংশগ্ৰহণ কৰে ৷

কাৰ্যসূচীৰ জৰিয়তে অতিশীঘ্ৰেই কৃষক নেতাগৰাকীক মুক্তিৰ দাবী কৰা লগতে কাৰাগাৰত কৃষক নেতাগৰাকীৰ যদি মৃত্যু হয় তেন্তে অসমত এক ভয়াৱহ পৰিৱেশ উদ্ভৱ হ'ব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰকাৰক তীব্ৰ সকীয়নি প্ৰদান কৰে ।

উল্লেখ্য যে, 2019 বৰ্ষতেই নাগৰিত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত তীব্ৰ জনমত গঢ়ি গণ আন্দোলন আৰম্ভ কৰিছিল কৃষক নেতা অখিল গগৈয়ে ৷ ইয়াৰ পাচতে অসম আৰক্ষী আৰু পাচলৈ ৰাষ্ট্ৰীয় অনুসন্ধান শাখাই বিভিন্ন গোচৰ জাপি দি গ্ৰেপ্তাৰ কৰে অখিল গগৈক ৷ বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা অখিল গগৈ অসুস্থ হৈ পৰে ৷ বহুতে কৰ'ণা আক্ৰান্ত হোৱা বুলি সন্দেহ কৰিছিল আৰু চিকিৎসাৰ দাবীও জনাইছিল ৷ অৱশেষত স্বাৱ পৰীক্ষাত অখিল গগৈৰ তৃতীয়বাৰৰ ফলাফলত ধৰা পৰে কৰ'ণা ভাইৰাছ ৷ ইপিনে অখিল গগৈৰ পূৰ্বেই কৰ'ণাত আক্ৰান্ত হৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন দুগৰাকী নেতা ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱাল ৷

অসমৰ বিভিন্ন সংগঠন তথা ব্যক্তিয়ে এই নেতাসকলক বিনা চৰ্তে মুক্ত কৰিবলৈ বিগত কেইবাদিনৰ পৰা আন্দোলনৰ কাৰ্যসূচী সমগ্ৰ অসমতে হাতত লৈছে ৷

লগতে পঢ়কঃব্ৰহ্মপুত্ৰৰ পানীত ডুব গ'ল লক্ষ্মী-নাৰায়ণৰ মূৰ্তি

ABOUT THE AUTHOR

...view details