টিংখাং,24 ডিচেম্বৰ :নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত অংশ লোৱা একাংশ নেতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত ঠায়ে ঠায়ে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দেওবাৰে টিংখাঙৰ সমীপৰ লেঙেৰী বামুনবাৰীত অনুষ্ঠিত নাগৰিকত্ব সংশোধনী আইন বিৰোধী জনসভাৰ পিছতে গ্ৰেপ্তাৰ কৰে লেঙেৰী আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেৱজীত বৰুৱাক । ইয়াৰ পিছতে কৃষক নেতা গৰাকীক বিনা চৰ্তে মুক্তিৰ দাবীত অঞ্চলটোৰ সকলো দল-সংগঠন আৰু ৰাইজে বামুনবাৰী তিনিআলিত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
টিংখাঙত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী - protest demands lengeri KMSS leader release at tingkhang
টিংখাঙৰ বামুনবাৰীত লেঙেৰী আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ লেঙেৰী আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেৱজিত বৰুৱাক নাগৰিকত্ব সংশোধনী আইন বিৰোধী জনসভাৰ পিছতে গ্ৰেপ্তাৰ কৰে ৷ নেতাগৰাকীক বিনা চৰ্তে মুক্তিৰ দাবীত অঞ্চলটোৰ সকলো দল-সংগঠন আৰু ৰাইজে বামুনবাৰী তিনিআলিত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।
লেঙেৰী আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী
কৃষকনেতা গৰাকীৰ মাতৃ লিলি বৰুৱাই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা পুত্ৰৰ মুক্তিৰ দাবী জনোৱাৰ লগতে চৰকাৰৰ এই কাৰ্যক তীব্ৰ গৰিহণা দিয়ে। ইফালে দেৱজিৎ বৰুৱাৰ লগতে অখিল গগৈকো মুক্তিৰ দাবী জনাইছে লেঙেৰী আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অন্যথা তীব্ৰ আন্দোলন কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ।
আৰু পঢ়ক : অখিল গগৈৰ মুক্তিৰ দবীত অসম ভৱনৰ সন্মুখত প্ৰতিবাদঃ আটক 35 গৰাকী ছাত্ৰ ছাত্ৰী
TAGGED:
টিংখাঙৰ বামুনবাৰী