মৰাণ, 13 জুন : মাইক্ৰ’ফাইনেঞ্চ(Microfinance)ৰ ঋণ ৰেহাইক লৈ চৰ্চিত এতিয়া ৰাজ্য ৷ শনিবাৰে মাইক্ৰ’ফাইনেঞ্চ(Microfinance) ৰ ঋণ ৰেহাই দিয়াৰ দাবীত প্ৰতিবাদত নামিল ডিব্ৰুগড় লাহোৱালৰ জপৰা গাঁৱৰ একাংশ মহিলা ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে মাইক্ৰ’ফাইনেঞ্চ(Microfinance)ৰ ঋণ লোৱা একাংশ মহিলাই ৷
সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনৰ প্ৰাকমুৰ্হুতত BJP নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে নিৰ্বাচনী ৰেলীসমূহত বিশেষভাৱে মাইক্ৰ’ফাইনেঞ্চ(Microfinance) ৰ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ সেই সময়ত অসমৰ বিত্তমন্ত্ৰী হিচাপে দায়িত্বত আছিল ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ সভা-সমিতিয়ে কৈছিল, নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিব পাৰিলেই আইসকলৰ মাইক্ৰ’ফাইনেঞ্চ(Microfinance) ৰ ঋণ মাফ কৰা কথা । কিন্তু নিৰ্বাচনী যুঁজত জয়ী হৈ সকলো প্ৰতিশ্ৰুতি পাহৰিলে ড৹ শৰ্মাই ৷ এই অভিযোগ উত্থাপন কৰিছে মাইক্ৰ’ফাইনেঞ্চ(Microfinance)ৰ ঋণ লোৱা একাংশ মহিলাই ৷ যাক লৈ খৰ্গগ্ৰস্ত হৈছে ডিব্ৰুগড়ৰ একাংশ মহিলা ৷