অসম

assam

মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰাণ-খোৱাঙত আছুৰ প্ৰতিবাদ

By

Published : Nov 7, 2020, 10:35 PM IST

মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰাণ-খোৱাঙত আছুৰ প্ৰতিবাদ ৷ বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুয়ে ৷

protest-at-moran-khowang-by-aasu
মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

মৰাণ, 7 নৱেম্বৰ :আলু, পিয়াজকে আদি কৰি খাদ্য সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে জনসাধাৰণক বাৰুকৈ ৰাম টাঙোন শোধাইছে ৷ এনে সময়তে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মৰাণ-খোৱাঙতো আছুৱে বিক্ষোভ প্ৰদৰ্শনেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰাণ-খোৱাঙত আছুৰ প্ৰতিবাদ

মৰাণৰ মাজমজিয়াত আছুৱে কাঁহী-বাতি বজাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালকৈ খোৱাঙতো আলু, পিয়াজক লৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । ফণীভূষণ চৌধুৰী মুৰ্দাবাদ, যোগান বিভাগ কাম নাই, বিজেপি চৰকাৰ গ'বেক আদি শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে । আছুৰ কৰ্মকৰ্তাসকলে হাতে হাতে প'ষ্টাৰ লৈ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত দ্ৰব্য-সামগ্ৰীৰ দাম হ্ৰাস কৰাৰ দাবী তোলাৰ লগতে ৰাইজৰ দুৰ্দশা বুজি নোপোৱা বিজেপি চৰকাৰকখনক সতৰ্ক কৰি দিয়ে ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে মৰাণ-খোৱাঙত আছুৰ প্ৰতিবাদ

লগতে পঢ়ক :কোকৰাঝাৰত প্ৰমোদ বড়োৰ নিৰ্বাচনী প্ৰচাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details