মৰাণ,৬ মাৰ্চঃপৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰখনে চাৰিটা কাৰ্যকাল পাৰ হোৱাৰ পাছতো চাহ বাগিচাৰ কৰ্মচাৰীসকলক প্ৰাপ্য মজুৰি নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ যাৰ বাবে শ্ৰমিকে আন্দোলন কৰিব লগা পৰিৱেশ সৃষ্টি হৈছে । চাহ শ্ৰমিকৰ জীৱনৰ মানদণ্ড উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনি সমূহত বাস্তৱত ৰূপায়িত নহ’ল ৷ অসমৰ বিভিন্ন চাহ বাগিচা সমূহৰ সমান্তৰালভাৱে শ্ৰমিকৰ দৈনিক মজুৰি ৪০০ টকালৈ বৃদ্ধি, শ্ৰমিকৰ অনাদায় পি এফৰ ধন, জমা কৰা শ্ৰমিকৰ বকেয়া গ্ৰেচুইটি ধন আৰু অন্যান্য সা-সুবিধাসমূহ আদায় দিয়াৰ দাবীত শুকুৰবাৰে অসম চাহ জনজাতি ছাত্র সন্থা(আটছা)ৰ মৰাণ শাখাৰ অন্তৰ্গত বামুণবাৰী উপ-শাখাই বামুণবাৰী চাহ বাগিচাত ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।
মৰাণ বামুণবাৰী চাহ বাগিচাত ধৰ্ণা শ্ৰমিকৰ
বাজেটত চৰকাৰে চাহ শ্ৰমিকসকললৈ বিভিন্ন আঁচনি উপহাৰ দিয়াৰ সময়তে ৰাজ্যৰ অন্য এক প্ৰান্তত চৰকাৰৰ বিৰুদ্ধে ওলাই আহে চাহ শ্ৰমিকসকল ৷ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি অসম চাহ জনজাতি ছাত্র সন্থা(আটছা)ৰ মৰাণ শাখাৰ অন্তৰ্গত বামুণবাৰী উপ-শাখাই বামুণবাৰী চাহ বাগিচাত ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । অৱহেলিত চাহ শ্ৰমিকসকলৰ দাবীসমূহ পূৰণ নকৰিলে অনাগত দিনত ইয়াতকৈ জংগী আন্দোলন কৰাৰো হুংকাৰ দিয়ে চৰকাৰক ৷
প্ৰতিবাদ
বাগিচাখনৰ শতাধিক শ্ৰমিকে হাতে হাতে প্লে-কাৰ্ড লৈ উত্তাল কৰি তোলে প্ৰতিবাদস্থলী । সকলো ক্ষেত্ৰতে অৱহেলিত চাহ শ্ৰমিকসকলৰ দাবীসমূহ পূৰণ নকৰিলে অনাগত দিনত ইয়াতকৈ অধিক জংগী আন্দোলন কৰাৰো হুংকাৰ দিয়ে ৷ কাৰ্যসূচীৰ অন্তত প্ৰতিবাদকাৰীসকলে দাবী সম্বলিত এক স্মাৰক পত্ৰ দাখিল কৰে বাগিচাখনৰ কৰ্তৃপক্ষক ।
লগতে চাওকঃKN ইণ্ডাষ্ট্ৰী" ৰ আঁৰৰ মহিলাগৰাকী..