মৰাণ,10 নৱেম্বৰঃনাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত পুনৰ উত্তাল হৈছে উজনি। উজনিৰ বিভিন্ন অঞ্চলত দল-সংগঠন সমূহে গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী। মঙলবাৰে মৰাণৰ খোৱাঙত তাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত অৱস্থান ধৰ্মঘটৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
খোৱাঙত CAA বাতিল আৰু টাই আহোমক জনজাতিকৰণৰ দাবীত আটাছুৰ প্ৰতিবাদ - উজনিৰ বিভিন্ন অঞ্চলত
নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু টাই আহোমক জনজাতিকৰণৰ দাবীত লোৱা এই প্ৰতিবাদী কাৰ্যসূচীত টাই আহোম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাৰ লগতে আহোম জাতীয় গণ মঞ্চ, আছু, টাই আহোম যুৱ পৰিষদ, বীৰ লাচিত সেনা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তা সকল উপস্থিত থাকি বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে।
![খোৱাঙত CAA বাতিল আৰু টাই আহোমক জনজাতিকৰণৰ দাবীত আটাছুৰ প্ৰতিবাদ protest at khowang by aatasu](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9499674-151-9499674-1605004338894.jpg)
নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু টাই আহোমক জনজাতিকৰণৰ দাবীত লোৱা এই প্ৰতিবাদী কাৰ্যসূচীত টাই আহোম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাৰ লগতে আহোম জাতীয় গণ মঞ্চ, আছু, টাই আহোম যুৱ পৰিষদ, বীৰ লাচিত সেনা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তা সকল উপস্থিত থাকি বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে।
অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে ষড়যন্ত্ৰমূলক ভাৱে কাৰাবন্দী কৰি ৰখা অখিল গগৈক শীঘ্ৰে মুক্তি কৰি দিবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে। ইপিনে প্ৰতিবাদৰ অন্তত মৰাণ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰধানমন্ত্ৰীলৈ একোখনকৈ স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে।
লগতে পঢ়কঃশিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ সমীপত অবৈধ নিৰ্মাণ