অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত মাইক্ৰ’ফাইনেঞ্চৰ বিৰুদ্ধে প্ৰতিবাদ - protest againt microfinance groups at Dibrugarh

বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত ডিব্ৰুগড়ত পাঁচ সহস্ৰাধিক মহিলাই ডিব্ৰুগড় খনিকৰৰ পৰা সমদল কৰি আহি ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয় ৷ লগতে ৰাজপথত বহি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী সভা অনুষ্ঠিত কৰে ৷

ডিব্ৰুগড়ত মাইক্ৰ’ফাইনেঞ্চৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Nov 20, 2019, 9:20 PM IST

ডিব্ৰুগড়, 20 নৱেম্বৰঃৰাজ্যত অব্যাহত আছে মাইক্ৰ’ফাইনেঞ্চৰ বিৰুদ্ধে প্ৰতিবাদ ৷ সমান্তৰালকৈ প্ৰতিবাদত কঁপিল মুখ্যমন্ত্ৰীৰ গৃহ জিলাও ৷ মাইক্ৰ’ফাইনেঞ্চৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ মহিলা ৷ ইতিমধ্যে বিভিন্ন মাইক্ৰ’ফাইনেঞ্চৰ পৰা ঋণ লৈ সৰ্বস্বান্ত হৈছে ৰাজ্যৰ বহু পৰিয়াল ৷ আনহাতে, ঋণৰ কিস্তি দিব নোৱাৰি আত্মহত্যাৰ দৰে পথ বাছি লৈছে বহু ভুক্তভোগী পৰিয়ালে ৷

ডিব্ৰুগড়ত মাইক্ৰ’ফাইনেঞ্চৰ বিৰুদ্ধে প্ৰতিবাদ

বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত পাঁচ সহস্ৰাধিক মহিলাই ডিব্ৰুগড় খনিকৰৰ পৰা সমদল কৰি আহি ডিব্ৰুগড়ৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় ৷ লগতে ৰাজপথত বহি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত কৰে প্ৰতিবাদী সভাৰ ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় নেতা ধৈৰ্য কোঁৱৰসহ কেইবাগৰাকী কেন্দ্ৰীয় নেতাই অংশগ্ৰহণ কৰে বুধবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত ৷

ABOUT THE AUTHOR

...view details