মৰাণ, ১২ ডিচেম্বৰ: চাহ বাগিচা উচ্ছেদক লৈ পুনৰ উত্তাল হৈছে ডিব্ৰুগড় (Tea garden eviction in Dibrugarh)। এইবাৰ জিলাখনৰ লেপেটকতাত প্ৰতিবাদত নামিল চাহ শ্ৰমিকসকল (Tea workers protest in Lepetkata)। লক্ষ্মী টি কোম্পানীৰ অধীনস্থ বলাই চাহ বাগিচাৰ চাহগছ উচ্ছেদ কৰি কফি উদ্যোগ স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা কাৰ্যৰ বিৰুদ্ধে সোমবাৰে পুৱাই প্ৰতিবাদ কৰিলে হাজাৰ হাজাৰ চাহ শ্ৰমিকে ।
লক্ষ্মী টি কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা মতে,পূৰ্বে ২০ হেক্টৰ ভূমিৰ চাহগছ উচ্ছেদ কৰিছিল মালিক পক্ষই (Protest against Laxmi Tea Company at Lepetkata)। শেহতীয়াকৈ পুনৰ ৩৮ হেক্টৰ চাহ গছ উচ্ছেদ কৰি কফি উদ্যোগ স্থাপনৰ প্ৰস্তুতি চলাইছে লক্ষ্মী টি কোম্পানীটোৱে । যাৰ বাবে চাহ বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীৰ জীৱনৰ প্ৰতি নামি আহিছে তীব্ৰ ভাবুকি ।
আনকি বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীসকলকো চাটাইৰ প্ৰস্তুতি চলাইছে কোম্পানীৰ মালিকপক্ষই । কোম্পানীৰ এই সিদ্ধান্তক কোনো পধ্যে মানি নোলোৱাৰ হুংকাৰ দিয়ে চাহ শ্ৰমিকসকলে । অতি শীঘ্ৰে এই উচ্ছেদ কাৰ্য বন্ধৰ দাবী জনাইছে বাগিচাৰ শ্ৰমিক-কৰ্মচাৰীসকলে ।