অসম

assam

By

Published : Dec 15, 2020, 3:57 PM IST

ETV Bharat / state

প্ৰচাৰ ভাৰতীৰ ডিব্ৰুগড় কেন্দ্ৰ বন্ধ কৰাৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ

কেন্দ্ৰীয় চৰকাৰে ডিব্ৰুগড়ৰ আকাশবাণী কেন্দ্ৰটি বন্ধ কৰাৰ বাবে লোৱা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰ প্ৰেছ ক্লাৱৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে স্থানীয় দল-সংগঠন তথা ৰাইজে ৷ প্রচাৰ ভাৰতীৰ অধীনত থকা আকাশবাণী ডিব্ৰুগড়ৰ কেন্দ্ৰটো বন্ধ কৰাৰ বিৰুদ্ধে দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

protest against shut down of prasar bharati
ডিব্ৰুগড় কেন্দ্ৰ বন্ধ কৰাৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ

শিৱসাগৰ, 15 ডিচেম্বৰ: অসমীয়া ৰাইজৰ আৱেক অনুভূতি জড়িত হৈ থকা ডিব্ৰুগড়ৰ আকাশবাণী কেন্দ্ৰটি বন্ধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰ প্ৰেছ ক্লাৱৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে শিৱসাগৰ প্ৰেছ ক্লাৱে ৷ বাতৰি,সাংস্কৃতিক অনুষ্ঠান,মহিলা চ'ৰা , কৃষি আৰু নিয়োগ বার্তা, নাটক, গীত আৰু অসমীয়া থলুৱা বাদ্যযন্ত্ৰৰ অনুস্থানৰ লগতে, স্বাস্থ্য বিষয়ক কেতবোৰ অনুস্থান শ্ৰোতা ৰাইজৰ মাজত বহুলভাৱে প্ৰচলিত হৈ আহিছে প্রচাৰ ভাৰতীৰ অধীনত থকা আকাশবাণী ডিব্ৰুগড়ৰ কেন্দ্ৰই ।

ডিব্ৰুগড় কেন্দ্ৰ বন্ধ কৰাৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ

কিন্তু কেন্দ্ৰ চৰকাৰে কেন্দ্ৰটি বন্ধ কৰিবৰ বাবে লোৱা সিদ্ধান্তৰ বিৰোধীতা কৰিছে স্থানীয় দল-সংগঠন তথা ৰাইজে ৷ বুধবাৰে শিৱসাগৰ প্ৰেছ ক্লাৱৰ উদ্যোগত বিভিন্ন দল সংগঠন আৰু ৰাইজৰ সহযোগত শিৱসাগৰ চহৰৰ মাজমজিয়াত থকা ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত দিনৰ ১১ বজাত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷

লগতে পঢ়ক:জুৰীয়াত MGNREGA আচঁনিৰ কামত ব্যাপক দুৰ্নীতি

ABOUT THE AUTHOR

...view details