অসম

assam

ETV Bharat / state

জনগোষ্ঠীয় ঐক্য মঞ্চৰ উত্তাল প্ৰতিবাদ - ফনীভূষন চৌধুৰী

মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জনগোষ্ঠীয় ঐক্য মঞ্চৰ উত্তাল প্ৰতিবাদ ৷ পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান , ৰাজ্যৰ খাদ্য যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পুত্তলিকা দাহ ৷

Protest against price rise at Moran
জনগোষ্ঠীয় ঐক্য মঞ্চৰ উত্তাল প্ৰতিবাদ

By

Published : Jul 1, 2020, 3:39 PM IST

মৰাণৰ,১জুলাইঃপৰিৱৰ্তনকামী চৰকাৰৰ দিনত আন্দোলন প্ৰতিবাদ কমিব বুলি আশা কৰা হৈছিল । কিন্তু তাৰ বিপৰীত ছবি হে দেখিবলৈ পাইছে অসমৰ ৰাইজে । কৰ'ণা আতংকৰ মাজতো মূল্যবৃদ্ধিৰ বিৰোধিতাৰে মৰাণৰ ৰাজপথ উত্তাল কৰিলে কেইবাটাও জাতি-জনগোষ্ঠীয় সংগঠনে। অত্যাৱশ্যকীয় সামগ্ৰী আৰু পেট্ৰ'লজাত সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদত মঙলবাৰে মৰাণত জনগোষ্ঠীয় ঐক্য মঞ্চৰ উদ্যোগত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

জনগোষ্ঠীয় ঐক্য মঞ্চৰ উত্তাল প্ৰতিবাদ

প্ৰতিবাদকাৰী সকলে মৰাণ নগৰৰ মাজমজিয়াত শাসনাধীষ্ঠিত বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্ল'গান দিয়াৰ লগতে কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ৰাজ্যৰ খাদ্য যোগান মন্ত্ৰী ফণীভূষন চৌধুৰীৰ পুত্তলিকা দাহ কৰে। প্ৰতিবাদকাৰী সকলে এই অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ দাম অতি শীঘ্ৰে ৰোধ নকৰিলে অনাগত দিনত আৰু অধিক ৰূপত প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বুলি চৰকাৰক সকীয়াই দিয়ে সংগঠন কেইটাই।

লগতে পঢ়কঃ তামিলনাডুত বিস্ফোৰণঃ ৪ জন নিহত, ১৭ গৰাকী আহত

ABOUT THE AUTHOR

...view details