মৰাণ,২ জুলাই : পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত প্ৰধান বিৰোধী দল কংগ্ৰেছে বৃহস্পতিবাৰে মৰাণ উষাপুৰস্থিত ৰাজীৱ ভৱনৰ সন্মুখত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে ৷ ১০৫ নং মাহমৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত মাহমৰা ব্লক কংগ্ৰেছ আৰু লাকুৱা ব্লক কংগ্ৰেছ কমিটিৰ যৌথ উদ্যোগত আয়োজিত ৩ ঘন্টীয়া ধৰ্মঘট কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক সূৰুয দিহিঙীয়া, চৰাইদেউ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দাদুল বৰুৱা, মাহমৰা ব্লক কংগ্ৰেছৰ সভাপতি তোষেশ্বৰ গগৈ, লাকুৱা ব্লক কংগ্ৰেছৰ সভাপতি ডঃ কুল গগৈৰ লগতে চৰাইদেউ জিলা যুৱ কংগ্ৰেছ, এন এছ ইউ আই, মহিলা কংগ্ৰেছ আৰু মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷
পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধৰ বাবে ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ - মাহমৰা বিধান সভা সমষ্টি
মৰাণ উষাপুৰস্থিত ৰাজীৱ ভৱনৰ সন্মুখত পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ ৷ মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তনভী আহমেদৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ ৷

অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক সূৰুয দিহিঙীয়াই ক’ভিড-১৯ ৰোগে সমগ্ৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰা কেন্দ্ৰ-ৰাজ্য চৰকাৰক চোকা ভাষাৰে সমালোচনা কৰে ৷ আনহাতে, মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তনভী আহমেদ প্ৰতিবাদস্থলীত উপস্থিত হোৱাত প্ৰতিবাদী ৰাইজে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনাই মাহমৰা ব্লক কংগ্ৰেছৰ সভাপতি তোষেশ্বৰ গগৈ আৰু লাকুৱা ব্লক কংগ্ৰেছৰ সভাপতি ডঃ কুল গগৈ স্বাক্ষৰিত এখন স্মাৰকপত্ৰ বিষয়াগৰাকীৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক :পিতৃ-মাতৃৰ সন্মুখতেই মাওবাদীৰ আক্ৰমণত মৃত্যু আৰক্ষী