অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীয়ে দিয়া স্কুটী ঠেলি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ - protest against price hike in chabua

ক'ভিড সৃষ্ট পৰিৱেশে সৰ্বসাধাৰণ ৰাইজক কোঙা কৰাৰ মাজতে দেশত ভয়াৱহভাৱে বৃদ্ধি পোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে কৰিছে বহু পৰিয়ালক ৷ ইয়াৰ মাজতে মূল্যবৃদ্ধি ৰোধৰ দাবীৰে দেওবাৰে চাবুৱাত প্ৰতিবাদ সাব্যস্ত কৰে চাবুৱা আছুৱে ৷

protest-against-price-rise-by-pushing-scooty-given-by-cm-in-sabua
চাবুৱাত মুখ্যমন্ত্ৰীয়ে দিয়া স্কুটী ঠেলি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Aug 1, 2021, 9:21 PM IST

মৰাণ, 1 আগষ্ট : সমগ্ৰ দেশৰ লগতে ৰাজ্যতো অব্যাহত আছে ক'ভিডৰ সংহাৰী ৰূপ ৷ ইয়াৰ মাজতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ জনতাক ৷ যাৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত দেওবাৰে ডিব্ৰুগড়ৰ চাবুৱাত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা স্কুটী ঠেলি প্ৰতিবাদ সাব্যস্ত কৰে চাবুৱাৰ আছুৱে ৷ অচিৰেই মূল্যবৃদ্ধি ৰোধ নকৰিলে ভয়াৱহ আন্দোলনৰ হুংকাৰ প্ৰতিবাদকাৰী সকলৰ ৷

চাবুৱাত মুখ্যমন্ত্ৰীয়ে দিয়া স্কুটী ঠেলি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

অসম চৰকাৰৰ যোগান বিভাগে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু পেট্ৰ'ল জাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰাৰ প্ৰতিবাদত চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷ মুখ্যমন্ত্ৰীয়ে দিয়া স্কুটিত বিজেপি বিৰোধী শ্ল'গানৰ প্লেকাৰ্ড আৰু আলু-পিয়াঁজ আৰু মিঠাতেলৰ মালা পিন্ধাই অৰ্ধ শতাধিক ৰাইজে বাইক ঠেলি সাব্যস্ত কৰে প্ৰতিবাদ ৷ চাবুৱাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত আছুৰ সদস্যসকলে বাইক ঠেলি ঠেলি বিজেপি মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা গ' বেক, যোগান বিভাগ হায় হায় আদি শ্ল'গানেৰে চাবুৱাৰ সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ৷ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনতে মূল্য বৃদ্ধিয়ে বিপাঙত পেলাইছে সাধাৰণ ৰাইজক ৷

উল্লেখ্য যে, এফালে ক'ভিডৰ বাবে জীৱিকা হেৰুৱাই বহু পৰিয়ালে দুবেলা-দুমুঠিৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হোৱাৰ মাজতে দেশত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ ফলত দিকবিদিক হেৰুৱাই প্ৰচণ্ড সমস্যাৰ সন্মুখীন হৈছে লাখ লাখ দৰিদ্ৰ পৰিয়াল ৷

মন কৰিবলগীয়া যে, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ দাবীৰে সমগ্ৰ দেশতে বিভিন্ন ৰাজনৈতিক তথা অৰাজনৈতিক সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পাচতো মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে ৷ যাৰ বাবে অধিক ক্ষোভিত হৈ পৰিছে প্ৰতিবাদকাৰী সকল ৷

লগতে পঢ়কঃলামডিং সংৰক্ষিত বনাঞ্চলত বন্য হস্তীৰ বাবে খোৱা পানীৰ ব্যৱস্থা

ABOUT THE AUTHOR

...view details