অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে প্ৰতিবাদ - বিৰুদ্ধে প্ৰতিবাদ

শুকুৰবাৰে বৃহত্তৰ ডিব্ৰুগড়ৰ প্ৰেছ ক্লাব আৰু ডিব্ৰুগড় প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকা জেষ্ঠ্য-যুৱ সাংবাদিক সকলে তীব্ৰ গৰিহণা দি, মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাই গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে সাংবাদিক সকলে ৷

ডিব্ৰুগড়ত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে প্ৰতিবাদ
ডিব্ৰুগড়ত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Apr 2, 2021, 3:52 PM IST

ডিব্ৰুগড়,2 এপ্ৰিলঃমাফিয়া কায়দাৰে মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিকক ধমকি দিয়াৰ বিৰুদ্ধে প্ৰতিবাদত ডিব্ৰুগড়ত। সততে সভাই-সমিটিয়ে সাংবাদিকৰ নিৰাপত্তাৰ কথা কোৱা মুখ্যমন্ত্ৰীৰ নিজ মন্ত্ৰী সভাৰ এজন মন্ত্ৰীৰ এনে আচৰণৰ বিৰুদ্ধে স্থিতি ৰাজহুৱা কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনালে ডিব্ৰুগড়ৰৰ সাংবাদিক সকলে।

শুকুৰবাৰে বৃহত্তৰ ডিব্ৰুগড়ৰ প্ৰেছ ক্লাব আৰু ডিব্ৰুগড় প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকা জেষ্ঠ্য-যুৱ সাংবাদিক সকলে তীব্ৰ গৰিহণা দি, মন্ত্ৰী পীযুষ হাাজৰিকাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাই গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে সাংবাদিক সকলে ৷

ডিব্ৰুগড়ত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে প্ৰতিবাদ

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক তথা অসমীয়া খবৰ, Dy365 ৰ সাংবাদিক ৰাতুল গোহাঁই, জেষ্ঠ সাংবাদিক প্ৰৱীৰ চক্ৰবৰ্ত্তী, মানস দত্ত আদি উপস্থিত থাকি পীযুষৰ এনে ভয় ভাবুকিত অসমৰ সাংবাদিক স্তব্ধ নহয়, তথা কেৰেপ নকৰে বুলি স্পষ্ট কৰি দিয়ে। উল্লেখযোগ্য যে, ৰাজ্যত অতি শেহতীয়া ভাবে সাংবাদিকৰ ৰহস্যজনক মৃত্যু তথা নিগ্ৰহৰ ঘটনাক সমূহক দুৰ্ভাগ্যজনক আখ্যা দি অতি শীঘ্ৰে এনে ঘটনা সমূহৰ বিৰুদ্ধে চৰকাৰ তথা প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই ৷


লগতে পঢ়কঃ পীয়ুষ হাজৰিকাৰ বিৰুদ্ধে টীয়কত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details