অসম

assam

ETV Bharat / state

অইলৰ কাৰিকৰী বনুৱা নিযুক্তি বিসংগতি : দুলীয়াজানত দল-সংগঠনৰ প্ৰতিবাদ - অইলৰ বিৰুদ্ধে দুলীয়াজানত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ

অইলৰ কাৰিকৰী বনুৱা নিযুক্তিৰ(OIL recruitment examination)কম্পিউটাৰ পৰীক্ষাত সংঘটিত হোৱা বিসংগতিৰ বাবে দুলীয়াজানত বিভিন্ন দল সংগঠনৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত ৷

Protest against oil by organizations of Duliajan
অইলৰ বিৰুদ্ধে দুলীয়াজানত বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ

By

Published : Feb 19, 2022, 2:10 PM IST

মৰাণ, 19 ফেব্ৰুৱাৰী :অইলৰ কাৰিকৰী বনুৱা নিযুক্তিৰ (OIL recruitment examination)কম্পিউটাৰ পৰীক্ষাত সংঘটিত হোৱা বিসংগতিৰ বাবে দুলীয়াজান অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে দুলীয়াজানৰ বিভিন্ন দল- সংগঠনে ৷

শনিবাৰে জাতি-জনগোষ্ঠী ক্ৰমে টাই আহোম ছাত্ৰ সন্থা দুলীয়াজান আঞ্চলিক সমিতি,মটক যুৱ ছাত্ৰ সন্মিলনৰ দুলীয়াজান আঞ্চলিক সমিতি,দুলীয়াজান ই-ৰিক্সা চালক সন্থা,টাই আহোম যুৱ পৰিষদৰ দুলীয়াজান আঞ্চলিক সমিতি আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিৰিয়াল প্ৰাথমিক গোটৰ অইলৰ বিৰুদ্ধে প্ৰতিবাদকাৰীয়ে পালন কৰে তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী (Protest against oil by organizations of Duliajan)।

অইলৰ বিৰুদ্ধে দুলীয়াজানত বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ

উল্লেখ্য যে, ৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা অইলৰ কাৰিকৰী বনুৱা নিযুক্তিৰ কম্পিউটাৰ পৰীক্ষাত ব্যাপক খেলিমেলি তথা প্ৰশ্নকাকত ম'বাইলৰ যোগেদি ভাইৰেল হোৱা আৰু অইলৰ বিজ্ঞাপনৰ চৰ্ত উলংঘাৰে লাহোৱাল পৰীক্ষা কেন্দ্ৰত বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হোৱা আদি বিসংগতি সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ লগতে সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক শাস্তি দিবলৈ দাবী জনোৱা হৈছিল যদিও অইল কৰ্তৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ নকৰি শুকুৰবাৰে পৰীক্ষাৰ ফলাফল ঘোষণা কৰে ।

পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্বত থকা গুজৰাটৰ 'এডুটেষ্ট' নামৰ ব্যক্তিগত ঠিকা প্ৰতিষ্ঠানক অতিশীঘ্ৰে ব্লেক লিষ্টেড কৰিবলৈ কেবাটাও দল-সংগঠনে দাবী জনাইছে ৷ অন্যথা পৰৱৰ্তী সময়ত পুনৰ অইলৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলিও হুংকাৰ প্ৰদান কৰে দল-সংগঠন সমূহে ।

লগতে পঢ়ক :অইলৰ পৰীক্ষাত চক্ৰান্ত সন্দৰ্ভত আছুৰ প্ৰতিক্ৰিয়া

For All Latest Updates

ABOUT THE AUTHOR

...view details