মৰাণ,7 জানুৱাৰীঃকেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা কৃষি আইনৰ বিৰুদ্ধে বৃহস্পতিবাৰে ডিব্ৰুগড়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক শ্ৰমিক সংগঠন সমূহে । চি আই টি ইউ, ডি ৱাই এফ আই,অসম ৰাজ্যিক কৃষক মহা সভা,চি পি আই কে ধৰি বহু সংখ্যক দল সংগঠনৰ দুই শতাধিক কৰ্মী তথা বিষয়ববীয়াই কৃষি আইনৰ বিৰুদ্ধে ডিব্ৰুগড়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তুলে ।
নতুন কৃষি আইনৰ বিৰুদ্ধে ডিব্ৰুগড়ত প্ৰতিবাদ - ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
চি আই টি ইউ, ডি ৱাই এফ আই, অসম ৰাজ্যিক কৃষক মহা সভা,চি পি আই কে ধৰি বহু সংখ্যক দল সংগঠনৰ দুই শতাধিক কৰ্মী তথা বিষয়ববীয়াই কৃষি আইনৰ বিৰুদ্ধে ডিব্ৰুগড়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তুলে ।
![নতুন কৃষি আইনৰ বিৰুদ্ধে ডিব্ৰুগড়ত প্ৰতিবাদ নতুন কৃষি আইনৰ বিৰুদ্ধে ডিব্ৰুগড়ত প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10152655-750-10152655-1610016951695.jpg)
নতুন কৃষি আইনৰ বিৰুদ্ধে ডিব্ৰুগড়ত প্ৰতিবাদ
নতুন কৃষি আইনৰ বিৰুদ্ধে ডিব্ৰুগড়ত প্ৰতিবাদ
নতুন কৃষি আইন বাতিল কৰক,নৰেন্দ্ৰ মোদী মুৰ্দাবাদ,বিজেপি চৰকাৰ হায় হায়, কৃষি আইন নামানো আদি শ্ল’গান দি উত্তাল কৰে ৰাজপথ। পথ অৱৰোধ কৰি থকাৰ সময়তে আৰক্ষী উপস্থিত হোৱাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত হতাহতি তথা খণ্ড যুদ্ধৰো উদ্ভৱ হয় । পিছত আৰক্ষীয়ে একাধিক প্ৰতিবাদকাৰীক ৰাজপথৰ পৰা চোঁচৰাই নি থানালৈ লৈ যায় । ইপিনে বহু কেইগৰাকী মহিলাই আৰক্ষীৰ গাড়ীত উঠিবলৈ অমান্তি হৈ খোজেৰে সমদল উলিয়াই থানালৈ যায় ।
লগতে পঢ়কঃ চামগুৰিত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত