মৰান, 7 ফেব্ৰুৱাৰী:অসমলৈ প্ৰধানমন্ত্ৰীৰ আগমণৰ পাছতে ৰাইজৰ ৰোষত পৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ ৷ বিধায়ক গৰাকীৰ বিৰুদ্ধে মিথ্যাচাৰৰ অভিযোগ উত্থাপন কৰি ক্ষুব্ধ ৰাইজে তেঁওৰ সন্মুখতে গ' বেক শ্ল'গান দি ক্ষোভৰ বৰ্হিপ্ৰকাশ ঘটায় ৷ বিধায়ক গৰাকীৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি দি ৰাইজে অঞ্চলটো কঁপাই তোলে ৷
জানিব পৰা মতে বিধায়ক গৰাকী সমষ্টিটোৰ লেজাই কলাখোৱা অঞ্চললৈ মথাউৰি নিৰ্মাণ সন্দৰ্ভত এক আলোচনা সভালৈ গৈছিল ৷ উক্ত আলোচনা সভালৈ গৈয়েই বিধায়ক গৰাকী ৰাইজৰ ৰোষত পৰে ৷ বিধায়ক গৰাকীয়ে প্ৰদান কৰা মন্তব্যৰ বিৰুদ্ধে ৰাইজে অলেখ প্ৰশ্নৰে গগৈক ব্যতিব্যস্ত কৰি তোলে ৷