অসম

assam

ETV Bharat / state

মৰাণত মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে সৰৱ মহিলা সমাজ - মাইক্ৰফাইনেন্স বিৰোধী মহিলা

শুকুৰবাৰে মৰাণৰ তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত ঋণগ্ৰস্ত মহিলাসকলৰ মাজত বোজাৰ সৃষ্টি কৰা মাইক্ৰ ফাইনেন্সসমূহৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ চৰকাৰক দাবী জনোৱা হয় ৷ মাইক্ৰ ফাইনেন্স বিৰোধী মহিলাসকলৰ উদ্যোগত আৰু বিভিন্ন সংগঠনৰ সহযোগত অনুষ্ঠিত হয় এই প্ৰতিবাদী সভা ৷

protest against microfinance
মৰাণত মাইক্ৰফাইনেন্সৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Dec 19, 2020, 9:54 AM IST

মৰাণ,19 ডিচেম্বৰ : ৰাজ্যত মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে পুনৰ জাগ্ৰত হৈছে মহিলা সমাজ । শুকুৰবাৰে মৰাণৰ তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে অনুষ্ঠিত হয় এখন প্ৰতিবাদী সভা । মাইক্ৰ ফাইনেন্স বিৰোধী মহিলাসকলৰ উদ্যোগত আৰু বিভিন্ন সংগঠনৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত কেইবাটাও দল-সংগঠনৰ নেতৃত্বই ভুক্তভোগী মহিলাসকলক ঋণ ৰেহাই দিবলৈ দাবী জনায় ।

মৰাণত মাইক্ৰফাইনেন্সৰ বিৰুদ্ধে প্ৰতিবাদ

উক্ত সভাত ৰিজাৰ্ভ বেংকৰ নীতি-নিৰ্দেশনাক অমান্য কৰি যিসমূহ মাইক্ৰ ফাইনেন্স কোম্পানীয়ে ঋণগ্ৰস্ত মহিলাসকলৰ মাজত বোজাৰ সৃষ্টি কৰিছে সেই মাইক্ৰ ফাইনেন্সসমূহৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ চৰকাৰক দাবী জনায় । লগতে মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই সন্দৰ্ভত যিবিলাক সংবাদ মাধ্যমে অপপ্ৰচাৰ চলাইছে সেই সংবাদ মাধ্যমসমূহকো সতৰ্ক কৰি দিয়া হয় ।

প্ৰতিবাদী সভাত প্ৰগতিশীল নাৰী সন্থা, ভুক্তভোগী মহিলা সমাজ, সদৌ অসম চাহ জনগোষ্ঠীৰ অধিকাৰ সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, মাতৃ সংস্থাকে ধৰি কেইবাটাও জাতি-জনগোষ্ঠীৰ সংগঠনে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :30 বছৰ বিনা বেতনে কাম কৰা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকক বিদায় সম্বৰ্ধনা

ABOUT THE AUTHOR

...view details