ডিব্ৰুগড়, 3 ডিচেম্বৰ :ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক আৰু কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদত নামিল ছাত্ৰ সমাজ(Protest of Engineering students of Dibrugarh university) ৷ ইয়াৰ পিছতে, বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সন্মুখত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতি । দীৰ্ঘ দিনিয়া দাবীক আওকান কৰি মাচুল হ্ৰাস নকৰাক লৈ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ ছাত্ৰ সমাজৰ । উল্লেখযোগ্য, চৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ অধীনত অধ্যয়নৰ নামত লক্ষাধিক টকা মাচুল আদায়ক লৈ বিমোৰত পৰিছে ছাত্ৰ-ছাত্ৰীসকল ।
বিগত ২০২০ চনতে বিশ্ববিদ্যালয়ৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ সঞ্চালকে ছাত্ৰ-ছাত্ৰী সকলৰ মাচুল ৫০ শতাংশ হ্ৰাস কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল । কিন্তু এই সিদ্ধান্তৰ পিছতো লক্ষাধিক টকা নামভৰ্তিৰ নামত পৰিশোধ কৰিবলগীয়া হৈ আহিছে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানটোৰ শিক্ষাৰ্থীসকলে । ইয়াকে লৈ আজি প্ৰতিবাদত নামিল বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ । বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সন্মুখত হাতে হাতে প্লে-কাৰ্ড প্ৰদৰ্শনেৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সমাজে(Dibrugarh University students protest against fee hike) ।