মৰাণ, ১৯ছেপ্টেম্বৰ:অসম চৰকাৰৰ অসম মালাৰ অধীনত নিৰ্মাণ হ'বলগীয়া ৰাজ্যিক ঘাইপথৰ(State highways under Assam Mala at Rajgarh) বাবে শংকিত হৈছে টিংখাং ৰাজগড়ৰ বহু সংখ্যক ব্যৱসায়ী । উল্লেখযোগ্য যে প্ৰস্তাৱিত পথটোৰ কাম আৰম্ভ হ'লে ৰাজগড় চহৰৰ মাজেদি যাবলগীয়া এই ঘাইপথটোৰ বাবে ৰাজগড়ৰ প্ৰায় শতাধিক ক্ষুদ্ৰ ব্যৱসায়ী ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা ঘণিভূত হৈ পৰিছে । কাৰণ ৰাজগড় চহৰৰ মাজেদি পথ বহলিকৰণ হ'লে বৰ্তমানে প্ৰতিস্থিত বহু ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ হ'ব । যাৰ ফলত একমাত্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাদে অন্য কোনো উপাৰ্জনৰ পথ নথকা এইসকল ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱন জীৱিকাৰ প্ৰতিও ভাবুকি আহিব ।
সেয়েহে সোমবাৰে টিংখাঙত ব্যৱসায়ীয়ে ক্ষোভ প্ৰকাশ কৰি বন্ধ কৰে দোকান-পোহাৰ (Businessman protest at Rajgarh)। ফলত স্তব্ধ হৈ পৰিল টিংখাঙৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ৰাজগড় চহৰ । আনহাতে,ৰাজগড় চহৰৰ মাজমজিয়াত নিৰ্মীয়মান ৰাজগড় ছুপাৰ মাৰ্কেটৰ লেহেমীয়া গতিয়েও সমস্যাত পেলাইছে ক্ষুদ্ৰ ব্যৱসায়ীসকলক । ইতিমধ্য়ে নিৰ্মীয়মান ছুপাৰ মাৰ্কেটৰ বাবে বহু সংখ্যক ব্যৱসায়ীয়ে নিজৰ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ উঠাই আনি ফুটপাথত অস্থায়ী চলাই আছে । এতিয়া বহু সমস্যাৰ মাজেৰে ব্যৱসায়িক কাম-কাজ চলাই থাকিবলগীয়া হৈছে ।