ডিব্ৰুগড়,18 আগষ্টঃডিব্ৰুগড় চহৰত ইটোৰ পিচত সিটো ধৰ্ষণৰ ঘটনাই উদঙাইছে মুখ্যমন্ত্ৰীৰ গৃহ জিলাত নাৰীৰ নিৰাপত্তাহীনতাৰ কথা ৷ এসপ্তাহ পূৰ্বে নিশা বলপূৰ্বক ভাৱে ঘৰৰ ভিতৰত সোমাই ডিব্ৰুগড়ত এগৰাকী 3 সন্তানৰ মাতৃক ধৰ্ষণ কৰাৰ দৰে জঘন্য কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাঁওতেই শনিবাৰে পুনৰ ডিব্ৰুগড়ৰ বৰবৰুৱাত যুৱতীক দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ পাচত হত্যা কৰি নলাত পেলাই যোৱাৰ দৰে বৰ্বৰ ঘটনা সংঘটিত হৈছে ৷
নাৰীৰ সুৰক্ষাহীনতা : ডিব্ৰুগড়ৰ ৰাজপথত জ্বলিল মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি - প্ৰতিবাদত নামিছে একাংশ কংগ্ৰেছ কৰ্মী
মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড় জিলাত সংঘটিত হৈছে ইটোৰ পিছত সিটো নাৰীজনিত অপৰাধ ৷ ইয়াকে কেন্দ্ৰ কৰি প্ৰতিবাদত লিপ্ত হৈছে বিৰোধীসকল ৷

মুখ্যমন্ত্ৰীৰ নিজ গৃহ জিলাতেই অসুৰক্ষিত নাৰী !
মুখ্যমন্ত্ৰীৰ নিজ গৃহ জিলাতেই অসুৰক্ষিত নাৰী !
ইয়াতে ক্ষোভিত হৈ অৱশেষত প্ৰতিবাদত নামিছে একাংশ কংগ্ৰেছ কৰ্মী ৷ জিলা সভাপতি এটোৱা মুণ্ডা সহ বহুকেইজন কংগ্ৰেছ নেতাই সাব্যস্ত কৰে প্ৰতিবাদ । নাৰীৰ নিৰাপত্তাহীনতাক লৈ উদ্বিগ্ন বিৰোধীসকলে ৰাজপথতে দাহ কৰে মুখ্যমন্ত্ৰীৰ পুত্তলিকা ৷