ডিব্ৰুগড়, 7 ডিচেম্বৰঃ মোডীৰ কেবিনেটত কেব গৃহীত হোৱাৰ পাচতে আছুৱে মুখ্যমন্ত্ৰীৰ গৃহ জিলা ডিব্ৰুগড়ত বিজেপিৰ নেতাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী সোণোৱাল,হিমন্ত বিশ্ব শৰ্মা,কেশৱ মহন্ত আৰু অতুল বৰাৰ প্ৰতিকৃতি মুখ্যমন্ত্ৰীৰ গৃহলৈ যোৱা মুখ্য পথ চৌকিদিঙ্গি চাৰিআলিত ফাঁচী কাঠত ওলমাই প্ৰতিবাদ কৰাৰ পাচতে এইবাৰ আছুৰ একালৰ সহকাৰী সম্পাদক আৰু বৰ্তমানৰ বিজেপিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ বাসগৃহ ঘেৰাও কৰিলে ছাত্ৰ সন্থা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰই ৷
ডিব্ৰুগড়ত মাজনিশা ঋতুপৰ্ণ বৰুৱাৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদৰ জুই
একালৰ আছুৰ সহকাৰী সাধাৰণ সম্পাদক আৰু বৰ্তমানৰ বিজেপি বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ গৃহৰ সন্মুখত মাজনিশা আছুৰ উত্তাল প্ৰতিবাদ ৷
বানীপুৰস্থিত ঋতুপৰ্ণ বৰুৱাৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদকাৰী সকলে বৰুৱাক নাগপুৰৰ পদলেহনকাৰী আখ্যা দি বিভিন্ন কেব বিৰোধী শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ নিশা 12 বজাৰ পৰা প্ৰায় 2 বজালৈকে প্ৰতিবাদকাৰী সকলে ঋতুপৰ্ণ বৰুৱাৰ বাসগৃহ ঘেৰাও কৰি আৰু তেওঁৰ বাসগৃহৰ সন্মুখত টায়াৰ জ্বলাই ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে তেওঁলোকে একালৰ সতীৰ্থ গৰাকীৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ ওপৰিও কঠোৰ ভাষাৰে সকিয়নীও প্ৰদান কৰে ৷
লগতে চাওকঃনগা চুক্তিয়ে তিনি ৰাজ্যৰ ভৌগোলিক অখণ্ডতাত ব্যাঘাত নজন্মাই : তাপিৰ গাও