অসম

assam

ETV Bharat / state

কেবৰ বিৰোধিতাৰে প্ৰতিবাদত উত্তাল মৰাণ, লখিমপুৰ, হোজাই - লখিমপুৰ নগৰৰ ঘাইপথ আৱৰোধ

কেব বিৰোধী প্ৰতিবাদত মৰাণৰ খোৱাঙৰ ৰাজপথলৈ ওলাই আহিল শতাধিক মহিলা ৷ কেবৰ বিৰোধিতাৰে উত্তপ্ত লখিমপুৰৰ পৰিৱেশ ৷ হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়েও প্ৰতিবাদ কৰিলে কেবৰ বিৰুদ্ধে ৷

অধিক উত্তপ্ত হ'ব ধৰিছে অসমৰ পৰিস্থিতি
অধিক উত্তপ্ত হ'ব ধৰিছে অসমৰ পৰিস্থিতি

By

Published : Dec 11, 2019, 5:41 PM IST

নিউজ ডেস্ক,11 ডিচেম্বৰ: ক্ৰমাৎ অধিক উত্তপ্ত হ'ব ধৰিছে অসমৰ পৰিস্থিতি ৷ কেবৰ বিৰুদ্ধে হুংকাৰ ক্ষুব্ধ জনতাৰ ৷

মৰাণ:কেব বিৰোধী প্ৰতিবাদত মৰাণৰ খোৱাঙৰ ৰাজপথলৈ ওলাই আহিল শতাধিক মহিলা ৷ টায়াৰ জ্বলাই অৱৰোধ কৰে 37নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ খোৱাঙৰ মহিলা প্ৰতিবাদকাৰী সকলক সহযোগ কৰে পিথুবৰ ছোৱালী স্নাতক মহাবিদ্যালয়ৰ একাংশ ছাত্ৰী, কৃষক মুক্তি, আছু, আটাছু, তাই আহোম যুৱ পৰিষদ আৰু স্থানীয় লোক সকলে ৷

মৰাণৰ খোৱাঙৰ ৰাজপথলৈ ওলাই আহিল শতাধিক মহিলা

লখিমপুৰ: কেবৰ বিৰোধিতাৰে উত্তপ্ত লখিমপুৰৰ পৰিৱেশ ৷ ৰাজপথলৈ ওলাই আহিল বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজ ৷ একত্ৰিত হৈ লখিমপুৰ নগৰৰ ঘাইপথ আৱৰোধ কৰিলে প্ৰতিবাদকাৰীয়ে ৷

কেবৰ বিৰোধিতাৰে উত্তপ্ত লখিমপুৰ

হোজাই:ইফালে হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়েও প্ৰতিবাদ কৰিলে জাতিধ্বংসী অভিহিত বিধেয়ক খনৰ বিৰুদ্ধে ৷ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ দ্বাৰত চৰকাৰ মুর্দাবাদ ধ্বনিৰে কেব বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ ছাত্ৰী সকলে৷

হোজাইত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

লগতে পঢ়ক:কেবৰ বিৰোধিতা কৰা বহু দলে পাকিস্তানৰ ভাষা কয়:মোডী

ABOUT THE AUTHOR

...view details