অসম

assam

মুখ্যমন্ত্ৰীৰ গৃহ জিলাত কেবৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ

By

Published : Dec 9, 2019, 8:40 AM IST

মুখ্যমন্ত্ৰীৰ গৃহ জিলাত দেওবাৰে মাজনিশা অৰ্থনৈতিক অৱৰোধ । আবদ্ধ কৰিলে অসমৰ খনিজ সম্পদ কঢ়িওৱা শ শ ট্ৰাক ৷

protest against CAB at dibrugarh
ডিব্ৰুগড়ত কেবৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ

ডিব্ৰুগড় , 9 ডিচেম্বৰ : মুখ্যমন্ত্ৰীৰ গৃহ জিলাত দেওবাৰে মাজনিশা অৰ্থনৈতিক অৱৰোধ । ডিব্ৰুগড়ৰ গেছ ক্ৰেকাৰ প্ৰকল্পৰ সমীপৰ লেপেতকটাত তেল,কয়লা,প্ৰাকৃতিক গেছকে ধৰি বিভিন্ন খনিজ সম্পদ কঢ়িওৱা শ শ ট্ৰাক আবদ্ধ কৰিলে 11 টাকৈ সংগঠনে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰ কৰি অৰ্থনৈতিক অৱৰোধেৰে কেন্দ্ৰীয় চৰকাৰক সকিয়নী দিয়ে 11 টাকৈ সংগঠনে ৷ টাই আহোম যুৱ পৰিষদ,জাতীয়তাবাদী যুৱ ছাত্ৰ সন্মিলন,কৃষক মুক্তি,লাচিত সেনাকে ধৰি মুঠ 11 সংগঠনৰ প্ৰতিনিধি একত্ৰিত হৈ প্ৰতিবাদ অব্যাহত ৰাখিছে । লগতে প্ৰতিবাদস্থলীৰ পৰা আছুলৈ আহ্বান জনায় যে এই অৱৰোধত সমৰ্থন জনাওক । তেওঁলোকৰ মন্তব্য, ৰাজপথ অৱৰোধ কৰাত কৈ অৰ্থনৈতিক অৱৰোধ কৰিলেহে দিল্লীয়ে পোনপটীয়াকৈ গম পাব অসমীয়াৰ ক্ষোভ কিমান ৷

ডিব্ৰুগড়ত কেবৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ

ABOUT THE AUTHOR

...view details