মৰাণ,5 জানুৱাৰী: পুনৰ ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সৱল হৈ উঠিছে প্ৰতিবাদ। ভিন্ন দল-সংগঠন নামি পৰিছে "কা" বিৰোধী প্ৰতিবাদত। ডিব্ৰুগড়তো "কা" বিৰোধী প্ৰবল প্ৰতিবাদত দ্বিতীয় বাৰলৈ নামিছে "আছু"ৰ কৰ্মকৰ্তাৰ লগতে বিভিন্ন দল সংগঠন। মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড় পুনৰ কঁপি উঠিল "কা" বিৰোধী প্ৰতিবাদত। বহু শতাধিক আছু কৰ্মকৰ্তাৰ বিশাল মানৱ শৃংখলৰ জৰিয়তে ডিব্ৰুগড়ত নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতে মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰে।
মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড়ত "কা" বিৰোধী প্ৰতিবাদ - Home town of CM Sarbananda Sonowal
ৰাজ্যত পুনৰ আৰম্ভ হৈছে কা বিৰোধী আন্দোলন ৷ মঙলবাৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰত কা বাতিলৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে আঞ্চলিক ছাত্ৰ সন্থাই ৷

মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড়ত "কা" বিৰোধী প্ৰতিবাদ
ডিব্ৰুগড়ৰ চৌকিডিঙীত প্ৰতিবাদৰ জৰিয়তে চৰকাৰ এই আইন বাতিল নকৰালৈকে পৰিৱেশ শান্ত নহয় বুলি সকিয়াই দিয়ে ৷ শতাধিক আছু কৰ্মীয়ে অংশগ্ৰহণ কৰা মানৱ শৃংখল কাৰ্যসূচীত অসম চৰকাৰ হুচিয়াৰ,বিজেপি চৰকাৰ হায় হায়,খিলঞ্জীয়াই কা নামানো,'কা' বাতিল হ'বই লাগিব আদি বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷
লগতে পঢ়ক:চাবুৱাত 'কা' বাতিলৰ দাবীত আছুৰ মানৱ শৃংখল কাৰ্যসূচী