মৰাণ, 27 ডিচেম্বৰঃ ‘‘নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যজুৰি যি আন্দোলন চলিছে এই আন্দোলন সংকুচিত কৰিবলৈ চৰকাৰে বিভিন্ন কূট-কৌশল অৱলম্বন কৰিছে । এই আন্দোলনত প্ৰথমৰে পৰা আগভাগ লোৱা অন্যতম সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদীসকলক চৰকাৰে জগৰীয়া কৰিবলৈ চেষ্টা চলাই আহিছে ’’ এই মন্তব্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক অখিল ৰঞ্জন দত্তৰ ৷ মৰাণৰ টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানৰ বিদ্যায়তনিক পৰিষদৰ উদ্যোগত শুক্ৰবাৰে অনুষ্ঠিত প্ৰয়াত জননেতা কমৰেড দ্ৰুপদ বৰগোঁহাইৰ সন্মানাৰ্থে ডাম চাও কমৰেড দ্ৰুপদ বৰগোঁহাই স্মাৰক বক্তৃতানুষ্ঠানত "অসমৰ সাম্প্ৰতিক জাতীয় জাগৰণ সম্ভাৱনা আৰু প্ৰত্যাহ্বান" শীৰ্ষক বক্তৃতা প্ৰদান কৰি বিশিষ্ট শিক্ষাবিদ, লেখক, সমালোচক দত্তই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷
আনহাতে তেওঁ উল্লেখ কৰে যে, ‘‘জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই আন্দোলনটো কেনেধৰণে আগবঢ়াই নিয়ে তাৰ ওপৰত নিৰ্ভৰ কৰিব এই আন্দোলনৰ সময়সীমা । আন্দোলনটো সম্পূৰ্ণ অহিংসাৰে চলাই যাব লাগিব যাতে সাম্প্ৰদায়িক আন্দোলনলৈ পৰ্যবসিত নহয় ৷ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল, পোন প্ৰথমবাৰৰ বাবে অসমৰ বৰ্তমান জনজাগৰণে সৰ্বভাৰতীয় প্ৰেক্ষাপটত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে ৷ এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশ হোৱাৰ সময়ত সৰ্বভাৰত বা বিশ্বজুৰি এটা নেতিবাচক প্ৰতিক্ৰিয়া হৈছিল আৰু সকলোৱে ভাৱিছিল যে, অসম আৰু অসমীয়া লোকসকল সাংঘাটিক ধৰণে জাত্যাভিমানী আৰু সংখ্যালঘু ভাষিক আৰু ধৰ্মৰ প্ৰতি অসহিষ্ণু’’৷