ডিব্ৰুগড়, 25 আগষ্ট : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জিতেন হাজৰিকাক অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে PGSU ৰ বিৰুদ্ধে । গণতান্ত্ৰিক প্ৰতিবাদৰ নামত সন্মানীয় উপাচাৰ্যক অপদস্থ কৰা ঘটনাক গৰিহণা দিছে বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাই । বৃহস্পতিবাৰে সংবাদমেল যোগে এই কথা সদৰী কৰে বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাৰ সভাপতি লক্ষীৰাম শইকীয়াই ৷
উপাচাৰ্যসহ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষকক শাৰিৰীক অপদস্থ কৰাৰ অভিযোগ PGSUৰ বিৰুদ্ধে বুধবাৰে বিশ্ববিদ্যালয়ৰ ইন্দিৰা মিৰি প্ৰেক্ষাগৃহৰ চৌহদত উপাচাৰ্যৰ বাট আগুচি ধৰি অপদস্থ কৰাৰ অভিযোগ শিক্ষক সন্থাৰ (Professors complaint against PGSU of Dibrugarh University)। PGSU ৰ একাংশ প্ৰতিবাদী ছাত্ৰই উপাচাৰ্যকে ধৰি বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহযোগী অধ্যাপক ড৹ চন্দন কুমাৰ শৰ্মাকো শাৰিৰীকভাৱে অপদস্থ কৰিছিল ৷
উপাচাৰ্যসহ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষকক শাৰিৰীক অপদস্থ কৰাৰ অভিযোগ PGSUৰ বিৰুদ্ধে এই ঘটনা সন্দৰ্ভত আয়োজিত হোৱা সন্থাৰ কাৰ্যকৰী বৈঠকত বিশ্ববিদ্যালয় শিক্ষক সন্থাই ছাত্ৰ-ছাত্ৰীৰ এই প্ৰতিবাদক সমৰ্থন নকৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে (Student protest at Dibrugarh University) । সন্থাই বিশ্ববিদ্যালয়ৰ পঞ্জীয়কক প্ৰদান কৰা দাবী পত্ৰত 24 ঘন্টাৰ ভিতৰত দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ।
লগতে শিক্ষকক অপদস্থ কৰা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰো হুংকাৰ প্ৰদান কৰিছে বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাই । উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নামভৰ্তিৰ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱাৰ পাচতে আজিও বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত (DU students union against increase fee) কৰিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক :ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰৰ প্ৰতিবাদ