মৰাণ, 7 জানুৱাৰী: বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যজুৰি বিজেপিয়ে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰাৰ সময়তে কোনোবাখিনিত যেন পিছ পৰি ৰৈছে কংগ্ৰেছ দল ৷ নিজৰ ৰাজনৈতিক দলৰ ভেটি সবল কৰাৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে উঠি পৰি লগাৰ সময়তে টিকট কেন্দ্ৰীক সংঘাটত ব্যস্ত হৈ পৰিছে কংগ্ৰেছ দলৰ নেতা-কৰ্মী সকলে ৷ প্ৰতিটো সমষ্টিতে সংঘাটে লৈছে অন্য ৰূপ,তাৰ ব্যতিক্ৰম নহয় লাহোৱাল বিধানসভা সমষ্টি ৷ কিছু দিনৰ পৰা লাহোৱালত কংগ্ৰেছৰ যুৱ নেতা মনোজ ধানোৱাৰে সক্ৰিয় ভাৱে দলীয় কাম-কাজ কৰি থকা পৰিলক্ষিত হোৱাত বিৰূপ মন্তব্য কৰে বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পৃথিৱী মাঝিয়ে ৷
লাহোৱাল সমষ্টিত কংগ্ৰেছত প্ৰাৰ্থীত্ব নাপাই বাহিৰৰ ব্যক্তিয়ে: পৃথিৱী মাঝি - পৃথিৱী মাঝি
ৰাজ্যজুৰি বিজেপিয়ে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰাৰ সময়তে কংগ্ৰেছ দলত আৰম্ভ হৈছে টিকট কেন্দ্ৰিক সংঘাত ৷ বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত কেতবোৰ মন্তব্য কৰে বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পৃথিৱী মাঝিয়ে ৷

লাহোৱাল সমষ্টিত কংগ্ৰেছত প্ৰাৰ্থীত্ব নাপাই বাহিৰৰ ব্যক্তিয়ে: পৃথিৱী মাঝি
লাহোৱাল সমষ্টিত কংগ্ৰেছত প্ৰাৰ্থীত্ব নাপাই বাহিৰৰ ব্যক্তিয়ে: পৃথিৱী মাঝি
মাঝিয়ে কয় যে,মোৰ ১৫টা কাৰ্যকালত লাহোৱাল সমষ্টিত বহুতো উন্নয়ন হৈছিল,মোক ৰাইজে বিধায়ক হোৱাটো বিচাৰে। বিজেপি চৰকাৰে কেৱল আমি কৰা কামবোৰত চূণ তেল দি নিজেই কৰা বুলি দেখুৱাব বিচাৰিছে ৷ কিন্তু সমষ্টিত মই থাকোতে মনোজ ধানোৱাৰে লাহোৱাল সমষ্টিত নিৰ্বাচন খেলিবলৈ কিয় বিচাৰিছে সেয়াহে মই বুজি পোৱা নাই ৷
লগতে পঢ়ক :অনিশ্চিত ৰাজনৈতিক ভৱিষ্যতৰ দিশে প্ৰফুল্ল কুমাৰ মহন্ত