অসম

assam

ETV Bharat / state

বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰক পহু খেদা

ইটোৰ পিছত সিটো বিতৰ্কত নাম সাঙুৰ খাইছে মৰাণ কলেজৰ নিলম্বিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ নাম ৷ এইবাৰ মহাবিদ্যালয়ৰ চৌহদৰ পৰা পহু খেদা খালে বিতৰ্কিত অধ্যক্ষা গৰাকীয়ে ৷

principal-dr-mitali-konwar-was-chased-by-public-at-moran-college
বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰক পহু খেদা

By

Published : Jul 9, 2021, 11:03 PM IST

মৰাণ, 9 জুলাই : বিতৰ্কই লগ নেৰা হৈছে মৰাণ কলেজৰ নিলম্বিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰক ৷ শুকুৰবাৰে মৰাণ কলেজৰ নিলম্বিত অধ্যক্ষা গৰাকী মহাবিদ্যালয়ত প্ৰৱেশ কৰাত মহাবিদ্যালয়ত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ বিতৰ্কিত অধ্যক্ষা গৰাকী কলেজত প্ৰৱেশ কৰাৰ পিছতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলেও বিতৰ্কিত অধ্যক্ষাগৰাকীক পহু খেদা দিয়ে ৷

মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে সংবাদ মাধ্যমৰ জৰিয়তে বিতৰ্কিত অধ্যক্ষা গৰাকীক কেতিয়াও গ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিয়ে ৷ বিভাগীয় কৰ্তৃপক্ষই শীঘ্ৰে বিহীত ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷ মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ মিতালী কোঁৱৰে নিজ গৃহত শিশু শ্ৰমিক হিচাপে ৰখা 12 বছৰীয়া এগৰাকী শিশুৰ গাত গৰম পানী ঢালি অকথ্য নিৰ্যাতন চলোৱাৰ খবৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷

সেই অভিযোগত যোৱা বৰ্ষৰ ছেপ্তেম্বৰ মাহত স্বামীসহ গ্ৰেপ্তাৰ হৈ মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা পদৰ পৰা নিলম্বিত হৈছিল ড৹ মিতালী কোঁৱৰ ৷ কিন্তু শেহতীয়াকৈ পুনৰ মহাবিদ্যালয় খনত যোগদান কৰে বিতৰ্কিত অধ্যক্ষা গৰাকীয়ে ৷ ইয়াৰ পিছৰে পৰা বিতৰ্কিত অধ্যক্ষা গৰাকীৰ বিৰুদ্ধে অব্যাহত আছে ধাৰাবাহিক প্ৰতিবাদ ৷

বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰক পহু খেদা

ইফালে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(ABVP)য়ে শেহতীয়াকৈ বিতৰ্কিত অধ্যক্ষা গৰাকীৰ বিৰুদ্ধে উত্থাপন কৰিছে ব্যাপক ধনৰ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ ৷ এই সংক্ৰান্তত ইতিমধ্যেই সংবাদমেলৰ আয়োজন কৰি অধ্যক্ষা গৰাকীয়ে নিজৰ কাৰ্যকালত সংঘটিত কৰা দুৰ্নীতিৰ তথ্য ৰাজহুৱা কৰে ৷

দুৰ্নীতিৰ সমগ্ৰ তথ্য তথ্য জনাৰ অধিকাৰ আইন(RTI)ৰ জড়িয়তে লাভ কৰা বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে সংগঠনটোৰ নেতৃত্বই ৷ এই সংক্ৰান্তত যোৱা বৃহস্পতিবাৰে মহাবিদ্যালয়ৰ প্ৰৱেশদ্ধাৰৰ সন্মুখত অধ্যক্ষা গৰাকীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উচিত তদন্তৰ দাবী কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ একাংশ সদস্যই ৷ লগতে বিতৰ্কিত অধ্যক্ষাক মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ লগতে দল-সংগঠনে কেতিয়াও গ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিয়ে প্ৰতিবাদকাৰী সকলে ৷ আনহাতে বিতৰ্কিত অধ্যক্ষা গৰাকীৰ বিৰুদ্ধে মহাবিদ্যালয় খনৰ শিক্ষক সমাজে কিয় এক উচিত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়কঃমৰাণ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত জ্বলিল অধ্যক্ষাৰ প্ৰতিকৃতি

ABOUT THE AUTHOR

...view details