মৰাণ,7 এপ্ৰিল:ৰাজ্যত নিৰ্বাচনী ব্যস্ততাৰ মাজতে বজাৰত আৰম্ভ হৈছে সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৷ নিত্য ব্যৱহাৰ্য ৰন্ধনত ব্যৱহৃত অৰ্থাৎ খোৱা তেলৰো এতিয়া বজাৰত জুই চাই দাম ৷
ইন্ধনৰ বিপৰীতে এইবাৰ আহি পৰিছে খোৱা তেলৰ মূল্যবৃদ্ধিৰ প্ৰসংগ ৷ বিগত বৰ্ষতকৈ এইবাৰ মিঠাতেলৰ প্ৰতি লিটাৰৰ দাম বৃদ্ধি পাইছে 50 টকাকৈ ৷ মিঠাতেলৰ দাম এতিয়া বজাৰত 160 টকাৰ পৰা 180 টকা ৷ কেৱল মিঠাতেলেই নহয়, খোৱাতেলৰ শ্ৰেণীভুক্ত ৰাইচ বাৰ্ন, চয়াবিন, ভেজিটেবল অইল, প্লাম অইলৰ মূল্যও প্ৰতিদিনে বৃদ্ধি পাইছে ৷
উল্লেখ্য যে, কম বৰষুণৰ বাবে এইবাৰ তৈলজাত শস্যৰ উৎপাদন হ্ৰাস পাইছে ৷ বজাৰত খোৱা তেলৰ দাম বৃদ্ধি হোৱাৰ এইটোও এক কাৰণ বুলি ক’ব পাৰি । ইফালে ভাৰতে খোৱা তেল আমদানিৰ ক্ষেত্ৰত আমেৰিকাৰ ওপৰত নিৰ্ভৰশীল আছিল যদিও আমেৰিকাই এতিয়া প্লাম অইল আৰু চয়াবিন তেল বায়’ডিজেল প্ৰস্তুত কৰিছে ৷ এই বাতৰি প্ৰকাশ হৈছে ইক’নমিক্স টাইমছ পত্ৰিকাত ৷