টিংখাং,2 চেপ্তেম্বৰ: ঋণৰ পৰা ৰেহাই পাবলৈ আন্দোলন গঢ়ি তুলি গ্ৰামাঞ্চলৰ মহিলাৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰা একাংশ মহিলা সংগঠনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ডিব্ৰুগড় জিলাৰ বিভিন্ন দল-সংগঠন ৷ ঘটনাৰ বিৱৰণী অনুসৰি, জিলাখনৰ বিভিন্ন অঞ্চলৰ মহিলাৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চৰ বিৰুদ্ধে । এই অভিযোগ উত্থাপন কৰিছে টিংখাঙৰ কেইবাটাও দল-সংগঠনৰ লগতে একাংশ মহিলাই ।
ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চৰ বিৰুদ্ধে গৰজি উঠিল দল-সংগঠন - ভাৰতীয় ৰিজাৰ্ভ বেংক
ডিব্ৰুগড়ত মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ ঋণ ৰেহাইৰ নামত অবৈধভাৱে ধন সংগ্ৰহ একাংশ সংগঠনৰ । ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চৰ বিৰুদ্ধে এনে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে জিলাখনৰ বিভিন্ন দল-সংগঠনে । প্ৰয়োজন সাপেক্ষে আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ সংগঠনসমূহৰ ।

মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ ঋণ ৰেহাই আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নীতি-নিৰ্দেশনা উলংঘা কৰি এগৰাকী মহিলাক একাধিক ঋণ প্ৰদান কৰা একাংশ মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবীৰে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিছিল জিলা সচেতন মহিলা মঞ্চই ৷ ইয়াৰ সুযোগ গ্ৰহণ কৰি একাংশ মহিলাই এই আন্দোলনৰ গতি সলনি কৰি ধন ঘটাৰ মানসিকতাৰে সচেতন মহিলা মঞ্চ নামেৰে এক মঞ্চ গঢ়ি তুলি আন্দোলনৰ নামত ঋণী মহিলাসকলৰ পৰা ধন সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে বুলি অভিযোগ উত্থাপন কৰি বুধবাৰে টিংখাঙৰ ৰাজগড়ত কেইবাটাও দল-সংগঠনে এক সংবাদমেল আয়োজন কৰি সংগঠনটোৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে ।