অসম

assam

ETV Bharat / state

শিশু নিৰ্যাতনৰ অভিযুক্তক গ্ৰেপ্তাৰ সন্দৰ্ভত সংবাদমেল সম্বোধন ডিব্ৰুগড় আৰক্ষীৰ - নিউ জলপাইগুৰি

বনকৰা শিশুৰ দেহত গৰমপানী ঢালি নিৰ্মম অত্যাচাৰ চলোৱা ডাঃ সিদ্ধিপ্ৰসাদ দেউৰী আৰু অধ্যক্ষা ড৹ মিতালী কোঁৱৰে বিগত ৩১ আগষ্টতেই এৰিছিল ডিব্ৰুগড় । পৰৱৰ্তী সময়ত শিৱসাগৰ,যোৰহাটৰ নামদেউৰী গাঁও আৰু গুৱাহাটীত আত্মগোপন কৰাৰ পিছত পশ্চিমবংগৰ নিউ জলপাইগুৰিত আত্মগোপন কৰিছিল দম্পতীহালে । এই কথা প্ৰকাশ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে ৷

Pressmeet of Dibrugarh police assam etv bharat news
ডিব্ৰুগড় আৰক্ষীৰ সংবাদমেল

By

Published : Sep 6, 2020, 3:50 PM IST

ডিব্ৰুগড়,6 ছেপ্তেম্বৰ:নগাঁৱৰ ৰহাৰ পৰা ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বনকৰা শিশুক অকথ্য নিৰ্যাতন চলোৱা দম্পতী ডাঃ সিদ্ধিপ্ৰসাদ দেউৰী আৰু অধ্যক্ষা ড৹ মিতালী কোঁৱৰক ৷ দম্পতীহালক ৰহাৰ পৰা ডিব্ৰুগড়লৈ অনাৰ পিছতে সমগ্ৰ অভিযান সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে জিলাখনৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক প্ৰতীক থৌবেয়ে ৷ উল্লেখ্য যে,ডিব্ৰুগড় আৰক্ষীৰ প্ৰায় চাৰিটা দলে বিগত পাঁচদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেউৰী দম্পতীৰ সন্ধান জাৰি ৰাখিছিল ৷

ডিব্ৰুগড় আৰক্ষীৰ সংবাদমেল

আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি,বিগত 24 আগষ্টতে এই নিৰ্মম কাণ্ড সংঘটিত কৰিছিল সিদ্ধি প্ৰসাদ দেউৰীয়ে । শিশু কল্যাণ সমিতিয়ে ভূক্তভোগী শিশুটিক উদ্ধাৰ কৰি 31 আগষ্টত আৰক্ষীত গোচৰ দিয়া পিছতেই ডিব্ৰুগড়ৰ পৰা পলায়ন কৰিছিল দেউৰী দম্পতীয়ে । আনহাতে,আশ্ৰয় প্ৰদান আৰু আত্মগোপনৰ ক্ষেত্ৰত সহযোগ কৰা সকলো ব্যক্তিৰ বিৰুদ্ধেও শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে । আৰক্ষীয়ে আদালতত দেউৰী দম্পতীক হাজিৰ কৰোৱাৰ পিছতে নিজৰ জিম্মাত বিচাৰিব দুয়োকে ৷

ডিব্ৰুগড় আৰক্ষীৰ সংবাদমেল

আনহাতে,দেউৰী দম্পতীক আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ মুহুৰ্তত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আটছা,ছাত্র মুক্তি সংগ্ৰাম সমিতিক ধৰি কেইবাটাও সংগঠনে । শিশু নিৰ্যাতনকাৰী এই দম্পতীয়ে যাতে কোনো কাৰণতে আইনৰ সুৰুঙাৰে পলাই যাব নোৱাৰে তাৰ বাবে দাবী উত্থাপন কৰে সংগঠনসমূহে ৷

লগতে চাওকঃডিব্ৰুগড় আৰক্ষীৰ জালত শিশু নিৰ্যাতনৰ অভিযুক্ত দম্পতী

ABOUT THE AUTHOR

...view details