অসম

assam

ETV Bharat / state

গুণোৎসৱত এ প্লাছ গ্ৰেড লাভ কৰা বিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া হ'ব: পেগু - gunotsav 2024

Gunotsav 2024:৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব লগা গুণোৎসৱক লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংবাদমেল শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ৷

Pressmeet by Ranoj Pegu at Dibrugarh University on gunatsav 2024
ডাঃ ৰণোজ পেগুৰ সংবাদমেল

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 7:49 PM IST

ডাঃ ৰণোজ পেগুৰ সংবাদমেল

ডিব্ৰুগড়, 2 জানুৱাৰী : ৩ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব গুণোৎসৱ ৷ ৰাজ্যখনৰ ৩৫ খন জিলাৰ ৪৩,৪৯৮ খন চৰকাৰী বিদ্যালয়ত অনুষ্ঠিত হ’ব গুণোৎসৱ ৷

চৰকাৰী শিক্ষা ব্যৱস্থাৰ মানদণ্ড উন্নয়নৰ বাবে ৰাজ্য চৰকাৰ অনুষ্ঠিত কৰি আহিছে গুণোৎসৱ । এইবাৰ ৩ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ ৰাজ্যত অনুষ্ঠিত হ’ব গুণোৎসৱ । ৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব লগা গুণোৎসৱক লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এখনি সংবাদমেল আয়োজন কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।

এইবাৰ ৰাজ্যখনৰ ৩৫ খন জিলাৰ ৪৩,৪৯৮ খন চৰকাৰী বিদ্যালয়ত অনুষ্ঠিত হ’ব গুণোৎসৱ । ৰাজ্য চৰকাৰৰ দ্বাৰা অনুমোদিত সকলো বিদ্যালয়ত এই গুণোৎসৱ অনুষ্ঠিত হ’ব, য’ত ৩৯,৬৩,৫৪২ গৰাকী শিক্ষাৰ্থীক সামৰি লোৱা হ’ব । প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকলে অংশ ল’ব গুণোৎসৱত । সমগ্ৰ গুণোৎসৱত ১৮ হাজাৰ এক্সটাৰ্নেল ইভালুৱেটৰে অংশগ্ৰহণ কৰিব ।

বৰপেটা, বজালি, হোজাই, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লক্ষীমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা, মানকাচাৰ, ওদালগুৰিত কাইলৈ প্ৰথম পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ’ব বুলি শিক্ষা মন্ত্ৰীগৰাকীয়ে সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে । পূৰ্বৰ গুণোৎসৱৰ তুলনাত এইবাৰ কিছু নীতি-নিয়ম সালসলনি কৰাৰ কথাও উল্লেখ কৰে তেওঁ । গুণোৎসৱৰ ভাল ফলাফল লাভ কৰা বিদ্যালয়ে পূৰ্বৰ দৰে ২৫,০০০ টকা লাভ কৰিব বুলিও উল্লেখ কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে ।

শিক্ষানুষ্ঠানৰ শিক্ষাৰ মান উন্নত কৰিবলৈ ৰাজ্য চৰকাৰে আৰম্ভ কৰিছিল গুণোৎসৱ ৷ বহিঃনিৰীক্ষণকাৰী হিচাপে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ সদস্যসকল, মুখ্য সচিবৰ পৰা আৰম্ভ কৰি সকলো আই পি এছ, আই এ এছ, এ চি এছ আৰু প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ আন আন বিষয়াসকলে অংশগ্ৰহণ কৰি শিক্ষানুষ্ঠানৰ মান মূল্যায়ন কৰে । প্ৰাথমিক শিক্ষাৰ মান উন্নত কৰিবলৈ সৰ্বশিক্ষা অভিযানে গুণোৎসৱ অনুষ্ঠিত কৰিছিল যদিও গুণোৎসৱ এতিয়া টেট উত্তীর্ণ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ অন্যতম অর্হতা হিচাপে গণ্য হৈ পৰিছে । উল্লেখ্য যে, গুণোৎসৱত যিবোৰ বিদ্যালয়ে এ প্লাছ গ্ৰেড লাভ কৰে, সেই বিদ্যালয়সমূহত নিয়োজিত ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ।

লক্ষণীয় বিষয় যে, গুণোৎসৱৰ যোগেদি শিক্ষানুষ্ঠান আৰু শিক্ষা ব্যৱস্থাৰ বহু দিশ উন্মোচিত হয় যদিও পৰৱৰ্তি সময়ত সেই দিশত বিশেষ কোনো গুৰুত্ব দিয়া পৰিলক্ষিত নহয় ।

লগতে পঢ়ক :অসম গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ সঁহাৰিয়ে উৎসাহিত কৰিছে প্ৰকাশকক

ABOUT THE AUTHOR

...view details