অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাৰ সংবাদ মেল - As10031

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ৰঞ্জিত তামুলীক নিলম্বনৰ পিছতে বিশ্ববিদ্যালয়খৰ শিক্ষক সন্থাৰ সংবাদমেল । অসমৰ ৰাজ্যপাল আৰু মুখ্য়মন্ত্ৰীক ধন্যবাদ শিক্ষক সন্থাৰ ।

ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাৰ সংবাদ মেল
ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাৰ সংবাদ মেল

By

Published : Feb 12, 2021, 2:17 PM IST

মৰাণ,১২ ফেব্ৰুৱাৰী:দীৰ্ঘদিন ধৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিভিন্ন ধৰণৰ দূৰ্নীতি সংঘটিত হোৱা বুলি এক অভিযোগ উত্থাপন হৈ আছিল । সংবাদমাধ্য়মত দূৰ্নীতি সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে তদন্ত চলিছিল অসম চৰকাৰৰ তৰফৰ পৰাও আৰু অৱশেষত দূৰ্নীতিৰ সৈতে জড়িত থকাৰ অভিযোগত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যক নিলম্বন কৰা হৈছে । অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ নেতৃত্বত অহা নিৰ্দেশনা অনুসৰি নিলম্বিত হয় উপাচাৰ্য ড০ ৰঞ্জিত তামুলী ।

এই নিলম্বনৰ নিৰ্দেশনাৰ পিছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাই বৃহস্পতিবাৰে এক সংবাদমেলৰ আয়োজন কৰে । সংবাদমেলৰ জৰিয়তে অসমৰ ৰাজ্যপাল আৰু মুখ্য়মন্ত্ৰীক তেওঁলোকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে ধন্য়বাদ জ্ঞাপন কৰে শিক্ষক সন্থাই ।

লগতে পঢ়ক:চৰকাৰী আঁচনিয়ে স্পৰ্ষ নকৰা টিফুক চাহ বাগিচাৰ এটি দুৰ্ভগীয়া পৰিয়াল

ABOUT THE AUTHOR

...view details