অসম

assam

By

Published : Jan 6, 2022, 10:28 PM IST

ETV Bharat / state

শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি তুংগত

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যাক বাৰ্ষিক অধিৱেশন প্ৰস্তুতি ইতিমধ্যে তুংগত উঠিছে (91st Annual Session of srimanta Sankardev Sangha) ৷ ১২৫০ বিঘা মাটি সামৰি অনুষ্ঠিত হ'ব লগা এই অধিৱেশন খনৰ ৭০ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ৷ এক সংবাদমেলৰ জৰিয়তে এই কথা সদৰি কৰে সংঘৰ প্ৰদাধিকাৰ কমলাকান্ত গগৈ আৰু প্ৰধান সম্পাদক বাবুল বৰাই ৷

Annual Session of srimanta Sankardev Sangha
শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি তুংগত

মৰাণ, 6 জানুৱাৰী :আগন্তুক ফেব্ৰুৱাৰী মাহৰ ৪, ৫ আৰু ৬ তাৰিখে নাহৰকটীয়া ৰাঙলী-কলীয়াপানী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যাক বাৰ্ষিক অধিৱেশন (91st Annual Session of srimanta Sankardev Sangha)। অধিৱেশনৰ লগত সংগতি ৰাখি সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ আৰু সম্পাদক প্ৰধান বাবুল বৰাই আদৰণি সমিতিৰ অস্থায়ী কাৰ্যালয়ত বুধবাৰে আয়োজন কৰে এক সংবাদমেলৰ (Press meet on srimanta Sankardev Sangha) ।

এই সংবাদ মেলতে আয়োজক কমিটিয়ে কয় যে, প্ৰায় ১২৫০ বিঘা মাটি সামৰি অনুষ্ঠিত হ'ব লগা এই অধিৱেশন খনৰ ৭০ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ৷ আনকি অধিৱেশনৰ পূঁজিৰ বাবে বৰ্তমান ৫০ শতাংশ ধন সংগ্ৰহ কৰাও হৈছে ৷ ইফালে অধিৱেশন স্থলীৰ আশে পাশে নিৰ্মাণ হৈ থকা ২৬ কিঃমি পথৰ কাম ৫০ শতাংশ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ৷

শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি তুংগত

লগতে আদৰণি সমিতিসহ ডিব্ৰুগড়, মৰাণ, নাহৰকটীয়া, দুলীয়াজান, টিংখাং আদি অঞ্চলৰ ব্যক্তি বিশেষ, দল-সংগঠনৰ তৰফৰ পৰা অধিৱেশন থলীলৈ অহা পথত প্ৰায় ২০০ খন তোৰণ নিৰ্মাণ কৰা হ'ব বুলি মন্তব্য কৰে আয়োজক সকলে । অধিৱেশন উপলক্ষে প্ৰকাশ হ'বলগীয়া স্মৃতিগ্ৰন্থ খন চাৰিটা ভাষাত প্ৰকাশ হোৱাৰ উপৰিও অংকীয়া নাটকৰ সম্পৰ্কে এখন গৱেষণামূলক গ্ৰন্থ আৰু ডিব্ৰুগড় জিলাৰ ইতিহাস সামৰি এখন গ্ৰন্থ প্ৰকাশ পাব ।

গ্ৰন্থমেলাত থাকিব লগীয়া ৬৫০ খন ষ্টলৰ ভিতৰত ৪০০ খন গ্ৰন্থ বিপনী ইতিমধ্যে বুকিং হোৱাৰ লগতে ভাগৱত শোভাযাত্ৰাত প্ৰায় ২০০ টা দলে অংশ গ্ৰহণ কৰিব বুলি সদৰি কৰে আয়োজক কমিটিয়ে ।

আনহাতে, যদিহে ৰাজ্যত ক'ভিড পৰিস্থিতি অৱনমিত হয় তেন্তে চৰকাৰে দিয়া ক'ভিড প্ৰট’কল মানি অধিৱেশন ভাগি অনুষ্ঠিত কৰা হ'ব বুলি এই সংবাদ মেলৰ জৰিয়তে জানিবলৈ দিয়ে । শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যাক বাৰ্ষিক অধিৱেশন খনিত (Annual Session of srimanta Sankardev Sangha) মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, উপ-ৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষ, বিধানসভাৰ অধ্যক্ষ, বিবিচিৰ সাংবাদিক তথা অসমৰ সুযোগ্য সন্তান শচীন গগৈ, ভাৰতবৰ্ষৰ জনপ্ৰিয় লেখিকা অৰুন্ধতী ৰয়, কলিকতাৰ সাংবাদিক প্ৰিয়া বেনাৰ্জী, ৰিতা চৌধুৰী, তৰালী শৰ্মা, ড৹ নগেন শইকীয়া, অনুৰাধা শৰ্মা পূজাৰী আৰু অসম বিধানসভাৰ মন্ত্ৰী-বিধায়ক সকলৰ লগতে অসমৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ।

ইফালে জাতি,ধৰ্ম আৰু বৰ্ণ নিৰ্বিশেষে সকলো লোকে অংশ গ্ৰহণ কৰি এই অধিৱেশন ভাগি সাফল্যমণ্ডিত কৰি তুলিবলৈ আদৰণি সমিতিৰ সভাপতি জয়ন্ত নাথ আৰু সাধাৰণ সম্পাদক হৰি প্ৰসাদ গগৈয়ে এই সংবাদ মেল খনৰ জৰিয়তে অসমবাসীক আহ্বান জনায় ।

লগতে পঢ়ক :শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ তম বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন

ABOUT THE AUTHOR

...view details