মৰাণ, 10 এপ্ৰিল : দেওবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ত চৌকিডিংগী খেলপথাৰত আয়োজন কৰা হৈছে জলপথ সন্মিলন (Waterways conclave in Dibrugarh) ৷ যাৰ বাবে শনিবাৰে এই সন্মিলনৰ পূৰ্বে ডিব্ৰুগড়ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰে সম্বোধন কৰে এক সংবাদমেলৰ (Press meet of minister Shantanu thakur in Dibrugarh) ৷
এই সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, সৰ্বানন্দ সোণোৱালকে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থকাৰ কথা উল্লেখ কৰে ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰে ৷ লগতে তেওঁ কয় যে, ভূটান, নেপাল, বাংলাদেশ, ম্যানমাৰকে ধৰি কেইবাখনো বহিঃৰাষ্ট্ৰৰ প্ৰতিনিধিৰ লগতে বহিঃৰাষ্ট্ৰৰ কেইজনো মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব এই সন্মিলনত ।