অসম

assam

By

Published : Jun 26, 2023, 11:57 AM IST

ETV Bharat / state

Indigenous People of Myung Dong Chun Kha : সমষ্টি পুনৰ নিৰ্ধাৰণ খিলঞ্জীয়াৰ পৰিপন্থী

অসমৰ খিলঞ্জীয়াসকলৰ অধিকাৰৰ দাবীত সংবাদমেলৰ আয়োজন ইণ্ডিজেনাচ পিপুল অৱ ম্যুং ডং চুন খাম , আসামৰ ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত নোহোৱালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা সংগঠনটোৰ ৷

Press meet of Indigenous People of Myung Dong Chun Kham
ইণ্ডিজেনাচ পিপুল অৱ ম্যুং ডং চুন খামৰ সংবাদ মেল

ইণ্ডিজেনাচ পিপুল অৱ ম্যুং ডং চুন খামৰ সংবাদ মেল

ডিব্ৰুগড়, 26 জুন :ডিব্ৰুগড় জিলাৰ টিংখাঙত ' ইণ্ডিজেনাচ পিপুল অৱ ম্যুং ডং চুন খাম, আসামে আয়োজন কৰে এখন বিশেষ সংবাদ মেলৰ । দেওবাৰে বিয়লি টিংখাং প্ৰাথমিক শিক্ষক ভৱনত অনুষ্ঠিত হোৱা সংবাদমেলযোগে অসমৰ খিলঞ্জীয়াসকলৰ এখন পূৰ্ণ তালিকা প্ৰকাশ কৰিবৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় সংগঠনটোৱে । সংগঠনটোৱে সংবাদমেলত কয় যে, ৰাষ্ট্ৰসংঘৰ নীতি অনুসৰি 1826 চনৰ 24 ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা ঐতিহাসিক ইয়ান্ধাবু সন্ধিৰ সময়ত অসমত থকা সকলো জাতি-জনগোষ্ঠীয়েই হৈছে অসমৰ প্ৰকৃত খিলঞ্জীয়া । ৰাষ্ট্ৰসংঘৰ দ্বাৰা মান্যতাপ্ৰাপ্ত খিলঞ্জীয়াৰ আধাৰত অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ এখন তালিকা প্ৰকাশ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী তোলে সংগঠনটোৱে । যাতে খিলঞ্জীয়াসকলে প্ৰকৃত সা-সুবিধাৰ পৰা বঞ্চিত নহয় আৰু অ-খিলঞ্জীয়া লোকে খিলঞ্জীয়াৰ সা-সুবিধাসমূহ পাব নোৱাৰে ।

আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ দ্বাৰা চৰকাৰে খিলঞ্জীয়াৰ পৰিপন্থী কামহে কৰিছে বুলি উল্লেখ কৰে সংগঠনটোৱে । নাগৰিকত্বৰ ভিত্তিবৰ্ষ সন্দৰ্ভত চুপ্ৰিম কৰ্টত গোচৰ চলি থকা সময়ত ইয়াৰ ৰায় প্ৰদান নকৰা পৰ্যন্ত, 51 চনৰ ভিত্তিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত নোহোৱালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণ ভিত্তিহীন বুলি সংবাদমেলত উল্লেখ কৰে । সংবাদমেলত ন্যায্য দাবীত কৰা অসমীয়াৰ গণতান্ত্ৰিক আন্দোলন, আবেদন নিবেদন চৰকাৰে বিভিন্ন কুট-কৌশলেৰে নৎসাত কৰি অহা বুলি উল্লেখ কৰাৰ লগতে বিজেপি চৰকাৰৰ বিভিন্ন সিদ্ধান্তত খিলঞ্জীয়া বিৰোধী নীতি আৰু স্থিতি স্পষ্ট হৈছে বুলি মত প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে, খিলঞ্জীয়াৰ স্বাৰ্থত ইণ্ডিজেনাচ পিপুল অৱ ম্যুং-ডং-চুন-খাম আসামৰ তৰফৰ পৰা এটা দলে কিছুদিন পূৰ্বে থাইলেণ্ডত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ বিশেষ বৈঠকত প্ৰতিনিধিত্ব কৰি অসমৰ খিলঞ্জীয়াসকলৰ বিভিন্ন অভাৱ-অভিযোগ, দাবী সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ আগত প্ৰতিবেদন দাখিল কৰে । দেওবাৰে থাইলেণ্ডলৈ যোৱা পাঁচজনীয়া দলটোক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

লগতে পঢ়ক :Feliciation programme by AASU : কৃতী শিক্ষাৰ্থীলৈ আছুৰ সম্বৰ্ধনা

ABOUT THE AUTHOR

...view details