মৰাণ, 17 জানুৱাৰী : অসমত 2021ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী ৰাজনৈতিক দল ৷ এফালে শাসকীয় দলে বিভিন্ন আঁচনি ঘোষণা আৰু উন্নয়নমূলক কামৰ জৰিয়তে ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ আনহাতে বিৰোধী ৰাজনৈতিক দল সমূহেও বিভিন্ন নিৰ্বাচনী ৰণকৌশল অৱলম্বন কৰি শাসকীয় দলক শ’লঠেকত পেলোৱাৰো প্ৰয়াস কৰিছে ৷
অন্যান্য বিৰোধী দলৰ সমান্তৰালকৈ কংগ্ৰেছেও ৰাজ্যত নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰিছে ৷ দেওবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সচিব বিকাশ উপাধ্যায়ে হোটেল লিটিল প্লেচত এক সংবাদমেল সম্বোধন কৰে ৷ কিছুদিন পূৰ্বে টিংখাঙত সংঘটিত হোৱা এগৰাকী কন্যাৰ লগতে এগৰাকী বোৱাৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি দোষীক অতি শীঘ্ৰে কৰায়ত্ত নকৰিলে ৰাজপথলৈ ওলাই আহি আন্দোলনৰ হুংকাৰ প্ৰদান কৰে বিকাশ উপাধ্যায়ে ৷