মৰাণ,23 মাৰ্চঃ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই মঙলবাৰে নিৰ্বাচনী ইস্তাহাৰ উন্মোচন কৰাৰ পাছতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । নিৰ্বাচনত বিজেপি জয়ী হোৱাৰ লগে লগে 'কা' বলৱৎ কৰাৰ কথা ইস্তাহাৰত প্ৰকাশ হোৱাক লৈ দুলীয়াজানৰ পুৰণি বাছষ্টেণ্ডত এই সংবাদমেলৰ আয়োজন কৰা হয় । বিগত ২০১৬ চনত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি পূৰণ নকৰা আৰু এইবাৰৰ ইস্তাহাৰত প্ৰকাশ নকৰাকলৈও তেওঁলোকে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ: সৰৱ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ উন্মোচনৰ পাছতে দুলীয়াজানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল সম্বোধন ৷
বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ: সৰব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
চাহ জনগোষ্ঠীৰ লোকসকলক মজুৰিৰ নামত ঠগাৰ লগতে তেওঁলোকৰ চিলিং এক্টৰ ভিতৰত থকা কোৱাৰ্টাৰ আদিক তেওঁলোকৰ নামত কৰাৰ ভুৱা প্ৰতিশ্ৰুতিৰ কথাও উল্লেখ কৰে । জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আঞ্চলিকতাবাদৰ নামত চৰম প্ৰশনমিত নাম এজিপিক সমালোচনা কৰি পোন প্ৰথমবাৰৰ বাবে ৰাজ্যৰ বৰ্তমান পটভূমিৰ প্ৰতি লক্ষ্য কৰি পোনপটীয়াকৈ নতুন ৰাজনৈতিক দললৈ সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথা উল্লেখ কৰে ।
লগতে পঢ়কঃ কংগ্ৰেছ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ সৈতে বিশেষ সাক্ষাৎকাৰ-