অসম

assam

Demanding Sixth Schedule : ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ দাবীত কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ যৌথ সংবাদমেল

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 6:51 PM IST

ষষ্ঠ অনুসূচীভূক্ত কৰাৰ দাবীত কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ যৌথ সংবাদমেল ৷ সোণোৱাল কছাৰী, দেউৰী আৰু ঠেঙাল কছাৰী জনগোষ্ঠী অধ্যুষিত অঞ্চলক ষষ্ঠ অনুসূচীভুক্ত কৰাৰ দাবীত 3 অক্টোবৰৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ঘোষণা ৷

Demanding Sixth Schedule
ষষ্ঠ অনুসূচীভুক্ত কৰাৰ দাবী

কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ যৌথ সংবাদমেল

ডিব্ৰুগড়, 29 ছেপ্টেম্বৰ : জনগোষ্ঠীয় পৰিষদসমূহক ষষ্ঠ অনুসূচীভূক্ত কৰাৰ দাবীত কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ যৌথ সংবাদমেল ৷ বিজেপি চৰকাৰে জনগোষ্ঠীয় লোকৰ সমস্যাত গুৰুত্ব প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ কেইবাটাও সংগঠনৰ নেতৃত্বৰ ৷ সোণোৱাল কছাৰী, দেউৰী আৰু ঠেঙাল কছাৰী জনগোষ্ঠী অধ্যুষিত অঞ্চলক ষষ্ঠ অনুসূচীভুক্ত কৰাৰ দাবীত 3 অক্টোবৰৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ঘোষণা ৷

চৰকাৰে পৰ্যায় ক্ৰমে জনগোষ্ঠী সকলৰ সুবিধাৰ বাবে স্বায়ত্ত শাসিত পৰিষদ গঠন কৰি দিছে যদিও এই স্বায়ত্ত শাসিত পৰিষদ সমূহে নিজ নিজ জনগোষ্ঠীক আগুৱাই নিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ ৷ সেয়েহে সোণোৱাল কছাৰী, দেউৰী আৰু ঠেঙাল কছাৰী জনগোষ্ঠী অধ্যুষিত অঞ্চল তথা স্বায়ত্ত শাসিত পৰিষদক ষষ্ঠ অনুসূচীভুক্ত কৰাৰ দাবীত ডিব্ৰুগড়ত সংবাদমেল জনগোষ্ঠীকেইটাৰ নেতৃত্বৰ ৷ শুকুৰবাৰে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সদৌ অসম দেউৰী ছাত্ৰ সন্থা আৰু সদৌ অসম ঠেঙাল কছাৰী সংগঠনে ডিব্ৰুগড়ত যৌথ সংবাদমেল অনুষ্ঠিত কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয় ৷

দীৰ্ঘদিনীয়া আন্দোলন কৰি পৰিষদ লাভ কৰে যদিও ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত নোহোৱাৰ বাবে জনগোষ্ঠী কেইটাই বহু ন্যাৰ্য প্ৰাপ্তি তথা অধিকাৰৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ কৰি সংবিধানৰ ষষ্ঠ অনুসূচী প্ৰদান কৰাৰ দাবীত বহুবাৰ চৰকাৰৰ ওচৰত আবেদন কৰাৰ পাচতো চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে সংগঠন কেইটাই ৷ আনহাতে জনগোষ্ঠী কেইটাক ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্ত কৰাৰ দাবীত 3 অক্টোবৰৰ পৰা জিলাই জিলাই ধাৰাবাহিক আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে সংবাদমেলৰ জৰিয়তে ৷

সংবাদমেলত সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেবানন্দ চেলেং, সাধাৰণ সম্পাদক পৰিক্ষিত সোণোৱাল, দেউৰী ছাত্ৰ সন্থাৰ সভাপতি নিৰেন দেউৰী, সাধাৰণ সম্পাদক তপন দেউৰী, ঠেঙাল কছাৰী সংগঠনৰ সভাপতি মাইনা মাধৱ কছাৰী, ঠেঙাল কছাৰী যুৱ পৰিষদৰ সভাপতি মানৱ জ্যোতি হাজৰিকা সহ বহু কেইজন নেতা- কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক :Bodoland University: উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক সুৰক্ষা দিছে ৰাজভৱনে; এবছুৰ গুৰুতৰ অভিযোগ

ABOUT THE AUTHOR

...view details