অসম

assam

By

Published : May 7, 2021, 4:22 PM IST

ETV Bharat / state

আহোম জনগোষ্ঠীৰ পৰা মন্ত্ৰী বিছাৰি টাই আহোম যুৱ পৰিষদৰ সংবাদমেল

মাহমৰাৰ বিধায়ক যোগেন মহন আৰু মৰাণৰ বিধায়ক চক্ৰধৰ গগৈক কেবিনেট মন্ত্ৰী বিচাৰি মৰাণত টাই আহোম যুৱ পৰিষদৰ সংবাদমেল ৷

আহোম জনগোষ্ঠীৰ পৰা মন্ত্ৰী বিছাৰি টাই আহোম যুৱ পৰিষদৰ সংবাদমেল
আহোম জনগোষ্ঠীৰ পৰা মন্ত্ৰী বিছাৰি টাই আহোম যুৱ পৰিষদৰ সংবাদমেল

মৰাণ,7 মে:ৰাজ্যত পুনৰ বাৰ সংখ্যাগৰিষ্ঠ আসন লাভ কৰি বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব । ইতিমধ্যে মন্ত্ৰীত্বৰ প্ৰাৰম্ভিক তালিকা প্ৰস্তুত হোৱা বুলি একাংশ সংবাদ মাধ্যমত চৰ্চা চলি থকাৰ মাজতে শুকুৰবাৰে মৰাণত টাই আহোম যুৱ পৰিষদ মৰাণ মহকুমাৰ সমিতিয়ে এক সংবাদমেল সম্বোধন কৰে ৷

আহোম জনগোষ্ঠীৰ পৰা মন্ত্ৰী বিছাৰি টাই আহোম যুৱ পৰিষদৰ সংবাদমেল

সংবাদমেলত সংগঠনটোৱে উল্লেখ কৰে যে, আহোম জনগোষ্ঠীটোৰ পৰা এইবাৰ বিধানসভালৈ ৬ জনকৈ বিধায়ক নিৰ্বাচিত হৈছে । সেই হেতুকে নতুন মন্ত্ৰী পৰিষদত আহোম জনগোষ্ঠীৰ পৰা দুজন বিধায়কক কেবিনেট মন্ত্ৰী প্ৰদান কৰিবলৈ সংবাদমেলৰ জৰিয়তে দাবী উত্থাপন কৰে টাই আহোম যুৱ পৰিষদে । একেদৰে সংগঠনটোৱে উল্লেখ কৰে যে, মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহনক পুনৰবাৰ মন্ত্ৰীত্ব প্ৰদানৰ লগতে দুবাৰকৈ নিৰ্বাচিত হোৱা মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈক নতুন মন্ত্ৰী সভাত কেবিনেট মন্ত্ৰী প্ৰদান কৰিব লাগে বুলি দাবী উত্থাপন কৰে সংগঠনটোয়ে ।

লগতে পঢ়কঃ কোন হ‘ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি আৰু বিৰোধী দলপতি !

ABOUT THE AUTHOR

...view details