অসম

assam

ETV Bharat / state

Scuffle between Congress and BJP Workers: কংগ্ৰেছ, বিজেপিৰ অভিযোগ প্ৰতি-অভিযোগ - বাগানে বাগানে কংগ্ৰেছ

বিজেপিয়ে গণতান্ত্ৰিক ব্যৱস্থাক বিশ্বাস কৰে। টিংখাঙত হোৱাৰ দৰে ঘটনা বিজেপিয়ে নকৰে । বিজেপিয়ে প্ৰতিৰোধ কৰিলে সবলভাৱে কৰিব । কংগ্রেছে বাগিচাই বাগিচাই গৈ ৰাইজক মিছা কথা কোৱাৰ বাবেই এই ঘটনাৰ সন্মুখীন হ'ব লগা হৈছে । কংগ্রেছক লৈ ক্ষোভিত কংগ্রেছ কৰ্মীয়ে টিংখাঙত এই ঘটনা সংঘটিত কৰিছে - বিজেপিৰ মুখপাত্র সুভাষ দত্ত

Scuffle between congress and BJP Workers
কংগ্ৰেছ, বিজেপিৰ অভিযোগ প্ৰতি-অভিযোগ

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 8:02 PM IST

কংগ্ৰেছ, বিজেপিৰ অভিযোগ প্ৰতি-অভিযোগ

মৰাণ, 5 ছেপ্টেম্বৰ : ডিব্ৰুগড় জিলাৰ টিংখাঙত কংগ্ৰেছৰ বাগানে বাগানে কংগ্রেছ শীৰ্ষক কাৰ্যসূচীত বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত হতাহতিৰ পৰিৱেশ সৃষ্টি হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এই ঘটনাৰ পিচতে টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়াই মদ-মাংস খুৱাই একাংশ বিজেপি কৰ্মীক কংগ্রেছৰ সভাত উশৃংখল পৰিৱেশ সৃষ্টি কৰিবলৈ দিছিল বুলি কংগ্ৰেছ কৰ্মীয়ে গুৰুতৰ অভিযোগ কৰিছিল। ইয়াৰ পাচতে মঙলবাৰে টিংখাঙৰ ঘটনাক লৈ মন্তব্য প্ৰকাশ কৰে বিজেপিয়ে।

ডিব্ৰুগড় জিলা বিজেপিৰ কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি বিজেপি দলৰ হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্র সুভাষ দত্তই। বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে কয়, বিজেপিয়ে গণতান্ত্ৰিক ব্যৱস্থাক বিশ্বাস কৰে। টিংখাঙত হোৱাৰ দৰে ঘটনা বিজেপিয়ে নকৰে । বিজেপিয়ে প্ৰতিৰোধ কৰিলে সবলভাৱে কৰিব । কংগ্রেছে বাগিচাই বাগিচাই গৈ ৰাইজক মিছা কথা কোৱাৰ বাবেই এই ঘটনাৰ সন্মুখীন হ'ব লগা হৈছে । কংগ্রেছক লৈ ক্ষোভিত কংগ্রেছ কৰ্মীয়ে টিংখাঙত এই ঘটনা সংঘটিত কৰিছে।

লগতে বিজেপি কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ মুখপাত্র সুভাষ দত্তই কংগ্রেছৰ সভাপতি ভূপেন বৰাক প্ৰত্যাহ্বান জনাই কয়, ভূপেন বৰাই গৃহভূমি বিহপুৰীয়াৰ ভোগপুৰ অঞ্চলত প্ৰথমে আগন্তুক নিৰ্বাচনত ব্লক পৰ্যায়ত জয়ী হৈ দেখুৱাওক। তাৰ পাচত বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাওক ৷ চাহ বাগিচাত ভূপেন বৰাই বিজেপিৰ বিৰুদ্ধে অপপ্রচাৰ চলাইছে। তাত বিজেপিৰ আপত্তি আছে।

উল্লেখ্য যে, সোমবাৰে টিংখাঙত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা "বাগানে বাগানে কংগ্ৰেছ " কাৰ্যসূচীত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছিল । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য, বিধায়ক ৰকিবুল হুছেইন, পৱন সিং ঘাটোৱাৰ, এটোৱা মুণ্ডা আদি নেতাৰ উপস্থিতিত টিংখাং চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত হৈছিল " বাগানে বাগানে কংগ্ৰেছ " কাৰ্যসূচী। সেই সভাত জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰে ভাষণ দি থকা অৱস্থাতে বিজেপিৰ একাংশ সমৰ্থকে পৱন সিং ঘাটোৱাৰক কংগ্ৰেছৰ দিনত কিমান উন্নয়ন হৈছিল বুলি প্ৰশ্ন কৰিছিল। হঠাৎ এনেদৰে প্ৰশ্নৰ সন্মুখীন হৈ বিব্ৰত হৈ পৰিছিল মঞ্চত উপস্থিত কংগ্ৰেছৰ নেতাসকল। ইয়াৰ পাচতে বিজেপিৰ সমৰ্থকসকলে মঞ্চৰ সন্মুখতে বিজেপি জিন্দাবাদ ধ্বনি প্ৰদান কৰে।

এনে পৰিস্থিতিত দুয়োপক্ষৰ মাজত প্ৰথমে বাক-বিতণ্ডা হোৱাৰ লগতে হতাহতিৰ সৃষ্টি হয়। যি ঘটনাক লৈ কংগ্ৰেছ বিজেপিৰ মাজত এতিয়া চলিছে অভিযোগ প্ৰতি-অভিযোগ ৷

লগতে পঢ়ক:Bharat Yatra:শিক্ষক দিৱসৰ দিনটোতে অসমৰ পৰা আৰম্ভ ভাৰত যাত্ৰাৰ

ABOUT THE AUTHOR

...view details