মৰাণ,২১ ছেপ্টেম্বৰ:যোৱা ১১ ছেপ্তেম্বৰ তাৰিখে মৰাণ সমষ্টিৰ খোৱাঙত ৰাইজৰ দলৰ এখন সভাত সৃষ্টি হোৱা খেলিমেলি আৰু পৰৱৰ্তী সময়ত দলৰ পৰা বহিষ্কৃত হোৱা চাৰি নেতাৰ সংবাদমেল(Four leaders expelled from Raijor Dol) । সংবাদমেলত অখিল গগৈৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰে চাৰি বহিস্কৃত নেতাই(Expelled leader files explosive allegations) ।
ৰাইজৰ দলৰ ডিব্ৰুগড় জিলা সমিতিৰ উপদেষ্টা লক্ষীনাথ ফুকন, ৰাজ্যিক জাতীয় নাৰী বাহিনীৰ কাৰ্যবাহী সদস্যা ৰেখা গগৈ, ডিব্ৰুগড় জিলা সমিতিৰ উপ-সভাপতি কৰুণা বৰুৱা আৰু মৰাণ সমষ্টি সমিতিৰ সভাপতি তুলতুল বেজে মৰাণৰ মন্দাকিনী হোটেলত এক সংবাদমেল আয়োজন কৰি ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে । বহিষ্কৃত নেতা কেইজনে সংবাদমেলত উল্লেখ কৰা অনুসৰি ৰাইজৰ দলৰ নেতৃত্বত এতিয়া সুবিধাবাদী আৰু ফেচিবাদীৰ চৰিত্ৰৰ লোক আছে ।