অসম

assam

ETV Bharat / state

29 cartons drugs seized: ডিব্ৰুগড়ত 29 টা চাবোনৰ বাকচত কেইবা কোটি মূল্যৰ ড্ৰাগছ জব্দ - 29 টা কাৰ্টনত কেইবা কোটি মূল্যৰ ড্ৰাগছ জব্দ

ডিব্ৰুগড়ৰ জয়পুৰ আৰক্ষীৰ তৎপৰতাত জব্দ কৰা হয় 29 টা চাবোনৰ বাকচ। লগতে আৰক্ষীয়ে তিনিগৰাকী মহিলা আৰু গাড়ী চালকজনক আটক কৰে ।

29 cartons drugs seized
ডিব্ৰুগড়ত 29 টা চাবোনৰ বাকচত কেইবা কোটি মূল্যৰ ড্ৰাগছ জব্দ

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 9:10 PM IST

ডিব্ৰুগড়ত 29 টা চাবোনৰ বাকচত কেইবা কোটি মূল্যৰ ড্ৰাগছ জব্দ

মৰাণ, 22 ছেপ্টেম্বৰ : ৰাজ্যজুৰি আৰক্ষীয়ে কঠোৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে ৷ ইয়াৰ সমান্তৰালকে ডিব্ৰুগড় আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ পিচতো জিলাখনত ড্ৰাগছ সৰবৰাহ বন্ধ হোৱা নাই। জিলাখনৰ বিভিন্ন আৰক্ষী থানা এলেকাত প্ৰতিদিনেই উদ্ধাৰ হৈছে ড্ৰাগছ।

ইয়াৰ মাজতে শুকুৰবাৰে ডিব্ৰুগড়ৰ জয়পুৰ আৰক্ষীৰ তৎপৰতাত জব্দ কৰা হয় 29 টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ। আৰক্ষীৰ এই বৃহৎ সফলতাৰ পাচতে আজি জয়পুৰত সংবাদমেল অনুষ্ঠিত কৰি সমগ্ৰ ঘটনাৰ বিষয়ে জানিবলৈ দিয়ে উপ আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাই।

আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, জিলাখনত আজি প্ৰথমবাৰৰ বাবে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে । ৰে’লযোগে ডিমাপুৰৰ পৰা জব্দকৃত ড্ৰাগছখিনি অনা হৈছিল । প্ৰথমে ডিমাপুৰৰ পৰা ৰে'লৰে ড্ৰাগছসহ তিনিগৰাকী মহিলাই দুলীয়াজানৰ ৰে'ল ষ্টেচনত নামিছিল। ইয়াৰ পাচতে AS06AJ5275 নম্বৰৰ এখন ৱেগনাৰ গাড়ীৰে ড্ৰাগছখিনি অৰুণাচললৈ নিয়াৰ বাবে চেষ্টা কৰা হৈছিল।

পৰৱৰ্তী সময়ত জয়পুৰৰ নগাঘাটৰ সমীপত জয়পুৰ আৰক্ষী থানাৰ তহলদাৰী আৰক্ষীয়ে 29 টা চাবোনৰ বাকচত 364.42 গ্ৰাম ড্ৰাগছ জব্দ কৰে ৷ লগতে আৰক্ষীয়ে তিনিগৰাকী মহিলা আৰু গাড়ী চালকজনক আটক কৰে ।

আটকাধীন কেইজন অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ লাজৌ থানাৰ অন্তৰ্গত নাংদা ৰংৱান, য়াংমুং চেনলিং, নাগাম মনাকৰ লগতে চালক অশোক দাস ৷

ইয়াৰ পূৰ্বেও এনেদৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ এইদৰে নিয়া হৈছিল বুলি বাহনখনৰ চালকজনে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে বুলি জানিবলৈ দিছে সংবাদমেলখনত । লক্ষণীয় বিষয় যে, ডিব্ৰুগড় জিলাৰ মাজেদি যে ড্ৰাগছ প্ৰতিদিনে সৰবৰাহ হৈ আছে এই কথা আজিৰ ঘটনাই প্ৰমাণ কৰিছে।

লগতে পঢ়ক:4 Robbers detained: তিনিচুকীয়া আৰক্ষীৰ জালত চাৰি দুধৰ্ষ ডকাইত

ABOUT THE AUTHOR

...view details