মৰাণ, 11 ডিচেম্বৰ : ডিব্ৰুগড়ত প্ৰাক্তন আলফা (স্বা) সমন্বয়ৰক্ষী সমিতিৰ প্ৰথমখন সংবাদমেল মঙলবাৰে অনুষ্ঠিত হয় (Surrendered militants of Ulfa) । প্ৰাক্তন আলফাসকল উৎপাদনশীল কামত জড়িত হ'ব বুলি সংবাদমেলখনৰ জৰিয়তে জানিবলৈ দিয়ে । সংবাদমেলখন সম্বোধন কৰে প্ৰাক্তন আলফা (স্বা) সমন্বয়ৰক্ষী সমিতিৰ যুটীয়া মুখ্য আহ্বায়ক ৰহেন্দ্ৰ মৰাণ আৰু তৰংগ অসমে ।
চাৰি দশক ধৰি চলি থকা আলফা (স্বা) আৰু ভাৰত চৰকাৰৰ সংঘাত শীঘ্ৰেই আলোচনাৰ মাজেৰে নিৰ্মূল কৰিবলৈ আহ্বান জনায় প্ৰাক্তন আলফা (স্বা)সকলে (Ulfa-Government peace process)। এই ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধিক সদিচ্ছাৰ প্ৰয়োজন বুলি মন্তব্যকৰে সদস্যসকলে । আনহাতে পতিত কৃষি ভূমি উৎপাদনশীল কামত ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিবলৈও ৰাজ্য চৰকাৰক জনালে আহ্বায় প্ৰাক্তন আলফা (স্বা) সমন্বয়ৰক্ষী সমিতিয়ে ।