অসম

assam

ETV Bharat / state

চাহ শ্ৰমিকৰ মজুৰী বৃদ্ধিত গুৰুত্ব নাই চৰকাৰৰ : পৱন সিং ঘাটোৱাৰ - সংবাদমেল

চাহ শ্ৰমিকৰ মজুৰী বৃদ্ধিত আগ্ৰহী নহয় ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ ৷ ACMS-ৰ ডিব্ৰুগড়স্থিত কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত চাহ শ্ৰমিকৰ মজুৰী প্ৰসংগক লৈ বিজেপি চৰকাৰক কটাক্ষ কৰে পৱন সিং ঘাটোৱাৰে ।

Press conference of paban singh ghatowar
চাহ শ্ৰমিকৰ মজুৰী বৃদ্ধিত গুৰুত্ব নাই চৰকাৰৰ

By

Published : Jul 26, 2021, 10:55 PM IST

ডিব্ৰুগড়, 26 জুলাই : বিজেপি বিধায়কক কাষত লৈ ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক কঠোৰ সমালোচনা কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰে । চাহ শ্ৰমিকক নুন্যতম মজুৰি প্ৰদানৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ নীতিক সোপা-ঢিলা নীতি আখ্যা দিয়ে ঘাটোৱাৰে ৷ ACMS ৰ ডিব্ৰুগড়স্থিত কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত ACMS ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰূপেশ গোৱালাৰ উপস্থিতিতে চাহ শ্ৰমিকৰ মজুৰী প্ৰসংগক লৈ বিজেপি চৰকাৰক কটাক্ষ কৰে ঘাটোৱাৰে । চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰী বৃদ্ধিৰ বিষয়টোত চৰকাৰৰ আগ্ৰহ নাই বুলি অভিযোগ উত্থাপন কৰে পৱন সিং ঘাটোৱাৰে ।

লগতে পঢ়ক:অনিয়ন্ত্ৰণত অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি: মিজোৰ গুলীত নিহত 6 অসম আৰক্ষীৰ জোৱান

ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলিফ ফেক্টৰীৰ মালিকৰ মাজত হোৱা সংঘাতৰ ফলত চাহ শ্ৰমিকসকল আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকল সমস্যাত পৰিবলগীয়া হৈছে । চাহপাতৰ নিম্নগামী মূল্যৰ বাবে ফেক্টৰীয়ে কেঁচা চাহপাত ল'বলৈ অনীহা প্ৰকাশ কৰাত সমস্যাত পৰিবলগীয়া হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকল । ক্ষুদ্ৰ চাহ খেতিয়ক আৰু বটলিফ ফেক্টৰীৰ মাজত সংঘাত দূৰীকৰণৰ বাবে আহ্বান জনাইছে পৱন সিং ঘাটোৱাৰে । ইফালে সংবাদমেলত ঘাটোৱাৰে কয়, দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ হোৱাৰ দৰে প্ৰায় ৬ লাখ চাহ শ্ৰমিকৰ পৰিয়াললৈ এতিয়া জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাক এক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে পৱন সিং ঘাটোৱাৰে ।

লগতে পঢ়ক :পুনৰ অশান্ত হৈ পৰিছে অসম-মিজোৰাম সীমান্ত

ABOUT THE AUTHOR

...view details