অসম

assam

ETV Bharat / state

বৃহত্তৰ ডিব্ৰুগড়ৰ প্ৰেছ ক্লাৱৰ প্ৰশংসনীয় পদক্ষেপ

ৰাজ্যত অব্যাহত থকা কৰ’ণা মহামাৰীৰ তাণ্ডৱৰ সময়তে ক’ভিড যোদ্ধা সকলৰ কাষ চাপিল এদল সাংবাদিক ৷ নিত্যব্যৱহাৰ্য সামগ্ৰীৰ একোটা টোপোলা লৈ ক’ভিড যোদ্ধা সকলৰ লগতে 120টা দৰিদ্ৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়ালে ডিব্ৰুগড় প্ৰেছ ক্লাৱে ৷

press club moves forward to help frontline workers
বৃহত্তৰ ডিব্ৰুগড়ৰ প্ৰেছ ক্লাৱৰ প্ৰশংসনীয় পদক্ষেপ

By

Published : May 29, 2021, 12:07 PM IST

ডিব্ৰুগড়, 29 মে’ :ক’ভিড মহামাৰীৰ দুযোর্গৰ সময়ত পুনৰ এবাৰ দৰিদ্ৰ জনৰ ওচৰত উজনি অসমৰ অগ্ৰণী সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱ। এইবাৰ সাংবাদিক সংগঠনটোৱে ক'ভিড যোদ্ধালৈ আগবঢ়ালে সহায়ৰ হাত । এই মহা দুযোর্গৰ সময়ত ডিব্ৰুগড় একাংশ ক’ভিড যোদ্ধা তথা দৰিদ্ৰ সীমাৰেখাৰ তলৰ 120 টা পৰিয়ালক নিত্যব্যৱহাৰ্য সামগ্রীৰ একোটাকৈ টোপোলা যোগান ধৰে।

উল্লেখ্য যে, ডিব্ৰুগড় পৌৰসভাৰ অধীনৰ চাফাই কৰ্মী সকলক তথা ফ্ৰণ্টলাইন ৱৰ্কাৰ হিচাপে কৰ্মৰত কৰ্মচাৰীৰ পৰিয়ালৰ লোক সকলক খাদ্য সামগ্রী ক্ৰমে-চাউল, দাইল, নিমখ, আলু, হালধী, মিঠাতেল আদিৰ যোগান ধৰে। মহামাৰীৰ সময়টো সাংবাদিকতাৰ ব্যস্ততাৰ মাজতে শুকুৰবাৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ নেতৃত্বত তথা অসম আদিত্য কাকত গোষ্ঠী আৰু আদিত্য হাস্পাতালৰ যৌথ উদ্যোগত সামগ্রী সমূহ বিতৰণ কৰা হয়।

বৃহত্তৰ ডিব্ৰুগড়ৰ প্ৰেছ ক্লাৱৰ প্ৰশংসনীয় পদক্ষেপ

ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল গোহাঁইয়ে আত ধৰা সামগ্ৰী বিতৰণ অনুষ্ঠানত অসম আদিত্য কাকতৰ কাৰ্যবাহী সম্পাদক তথা ক্লাবৰ সভাপতি মনজিৎ বৰা,জেষ্ঠ সাংবাদিক তথা ডিব্ৰুগড় সাহিত্য সভাৰ উপসভাপতি বিভাস দুৱৰা, জেষ্ঠ সাংবাদিক তথা লেখক চন্দন ফুকন, ক্লাবৰ যুটীয়া সম্পাদক জেচিম আহমেদ, সাংবাদিক মুক্তামণি হাজৰিকা, অৰুণ জৈন সহ অন্যান্য সকলো সাংবাদিক উপস্থিত থাকি সামগ্ৰী সমুহ বিতৰণ কৰে।

উল্লেখ্য যে, ডিব্ৰুগড়ৰ খোৱাঙৰ পৰা ডিকমলৈকে সাঙুৰি গঠিত বৃহৎ সাংবাদিক সংগঠনটোৱে ৰাজ্যৰ বিভিন্ন দুযোর্গৰ সময়ত এইদৰে জনসাধাৰণক সহায় কৰি আহিছে। বিশেষকৈ, ৰাজ্যৰ ভয়াৱহ বানপৰিস্থিতিৰ সময়তো প্ৰতিবছৰে আৰ্তজনৰ ওচৰত থিয় দি আহিছে সংগঠনটো ।

ইয়াৰ উপৰিও সাংবাদিক সংগঠনটোৱে বিভিন্ন সামাজিক দায়বদ্ধতা পৰিচয় দি ৰাইজৰ সাহাৰ্য্যথে বিভিন্ন উল্লেখনীয় কাম কৰি আহিছে । সাংবাদিক সকলে সংবাদ সেৱাৰ কামত ব্যস্ত থকাৰ মাজতো এনেদৰে দুৰ্যোগৰ সময়ত কিছু পৰিমাণে হ’লেও আন একাংশ ক’ভিড যোদ্ধালৈ সহায়ৰ হাত আগবঢ়োৱা কাৰ্যৰ এতিয়া বিভিন্ন মহলে শলাগ লৈছে ।

লগতে পঢ়ক:ভাৰত-ভূটান সীমান্তৰ লাইমুতিত স্থাপন হ'ল প্ৰথমখন দলং

ABOUT THE AUTHOR

...view details