মৰাণ, ১৩ ফেব্ৰুৱাৰী: সমাগত বিধানসভা নিৰ্বাচন । এতিয়া নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰাজনৈতিক দল-সংগঠন । শাসকীয় দল বিজেপি, অসম গণ পৰিষদ, আৰু আন আঞ্চলিক দলসমূহৰ সমান্তৰালকৈ কংগ্ৰেছ দলেও আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা । নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ডিব্ৰুগড়ৰ মৰাণলৈ এজনৰ পাছত আন এজন কংগ্ৰেছ দলৰ নেতাৰ আগমণ ঘটিছে আৰু এই নেতাসকলে দলীয় কৰ্মীৰ সৈতে আলোচনাত মিলিত হৈ মৰাণত কংগ্ৰেছ দলৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰি নিৰ্বাচনৰ বাবে ৰণ কৌশল প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে ।
মহিলাৰ নিৰাপত্তা সু-নিশ্চিত কৰাত ব্যৰ্থ বিজেপি চৰকাৰঃ সুস্মিতা দেৱ - খোৱাং ব্লক কংগ্ৰেছ কমিটী
শনিবাৰে ডিব্ৰুগড়ৰ খোৱাং ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত অনুষ্ঠিত হয় দলীয় সভা । এই সভাত অংশগ্ৰহণ কৰে ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে । বিজেপিৰ শাসনকালত অসমত মহিলাৰ বিৰুদ্ধে অত্যাচাৰ বৃদ্ধি পাইছে বুলি কৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে ।

শনিবাৰে মৰাণৰ তিলৈ গান্ধী ভৱনত খোৱাং ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত দলীয় সভা অনুষ্ঠিত হয় । এই সভাত সৰ্ব ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা শিলচৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে অংশগ্ৰহণ কৰে । মৰাণ সমষ্টিৰ মহিলা কংগ্ৰেছ কৰ্মীৰ লগতে দলীয় কৰ্মীসকলৰ সৈতে আলোচনাত মিলিত হয় কংগ্ৰেছ সভানেত্ৰীগৰাকী । সুস্মিতা দেৱৰ সৈতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পবন সিং ঘাটোৱাৰৰ লগতে জিলা আৰু মণ্ডল কংগ্ৰেছৰ সভাপতি উপস্থিত থাকে উক্ত সভাত ।
অসমত নিৰ্বাচনত মহিলাসকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে । তেওঁ অভিযোগ উত্থাপন কৰে যে, ৰাজ্য চৰকাৰে মহিলাৰ প্ৰতি অন্যায় কৰিছে আৰু এই চৰকাৰে মহিলাৰ নিৰাপত্তা সু-নিশ্চিত কৰিব পৰা নাই । লগতে অসমত বৰ্তমান মহিলাৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছে বুলি কৈ মহিলাৰ সুৰক্ষা দিয়াত বিজেপি চৰকাৰ ব্যৰ্থ হৈছে বুলি সমালোচনা কৰে ।
লগতে পঢ়ক:বিজনীত হস্তনিৰ্মিত বন্দুক আৰু হৰিণাৰ ছালসহ এজনক গ্ৰেপ্তাৰ