মৰাণ, 29 জুলাই :অসম-মিজোৰাম সীমান্তত আৰক্ষীৰ ওপৰত মিজো দুৰ্বৃত্তই কৰা আক্ৰমণৰ ঘটনাক গৰিহণা দিছে টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিয়ে ৷ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰে কেন্দ্ৰীয় চৰকাৰৰ অসমৰ সীমা সমস্যা সমাধানৰ বাবে কোনো সদিচ্ছা নথকাৰ বাবেই অসম-মিজোৰাম সীমান্ত (ASSAM MIZORAM BORDER)ত সংঘাট হৈছে বুলি অভিযোগ কৰে ৷ বিজয় কোঁৱৰে অসমৰ সীমা বিবাদ শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ৷ তেওঁ লগতে নিহত জোৱানসকলৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী জনাইছে ।
টাই আহোম যুৱ পৰিষদৰ সভাপতিগৰাকীয়ে লগতে কয় যে, স্বাধীনতাৰ পাছৰ পৰাই প্ৰতিখন কেন্দ্ৰীয় চৰকাৰে অসমৰ সীমা সমস্যা সমাধান কৰাৰ কথা কেৱল কৈ হে আহিছে ৷ বাস্তৱত কিন্তু আজিও অসমৰ সীমা সমস্যা সমাধান নহ'ল । ফলত সোমবাৰে অসম-মিজোৰাম সীমান্তত ভূমি বিবাদক কেন্দ্ৰ কৰি যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয় ৷